গুৱাহাটী, সংবাদ ৩৬৫, ২২ মে’ : অসম সাহিত্য সভা আৰু খানাপাৰাস্থিত ইউনিভাৰ্চিটি অফ চায়েন্স এণ্ড টেকন’লজী মেঘালয়ে যুটীয়াভাৱে মেধাসম্পন্ন তথা আৰ্থিক দিশত অনগ্ৰসৰ ছাত্ৰ-ছাত্ৰীৰ বাবা শিক্ষা জলপানি আৰু গৱেষণা বৃত্তি ঘোষণা কৰে।

গুৱাহাটীস্থিত অসম সাহিত্য সভাৰ কাৰ্যালয়ত অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশী, প্ৰধান সম্পাদক পদুম ৰাজখোৱা আৰু বিশ্ববিদ্যালয়ৰ আচাৰ্য মহববুল হকে যুটীয়াভাৱে এই কথা ঘোষণা কৰি কয় যে সভাৰ বিশগৰাকী প্ৰাক্তন সভাপতিৰ নামত ২০ টা পূৰ্ণাংগ শিক্ষা জলপানি প্ৰদান কৰিব। এই ২০ টা জলপানিৰ ১৫ টা স্নাতকোত্তৰ শিক্ষাৰ বাবে আৰু ৫ টা স্নাতক শিক্ষাৰ বাবে নিৰ্ধাৰিত।

ছাত্ৰ-ছাত্ৰীসকলে অসম সাহিত্য সভা অন্যথা www.ustm.ac.in ৰ পৰা আৱেদন পত্ৰ সংগ্ৰহ কৰিব পাৰিব। আনহাতে, প্ৰ-পত্ৰ জমা দিয়াৰ শেষ তাৰিখ ১৫ জুন ।

ইয়াৰোপৰি, ডঃ মহেশ্বৰ নেওগ আৰু সাহিত্যাচাৰ্য চৈয়দ আব্দুল মালিকৰ সোঁৱৰণত দুটা গৱেষণা বৃত্তি প্ৰদান কৰা হ’ব বুলি সংবাদ মেলত সদৰী কৰে ।

মেধাৰ ভিত্তিত নিৰ্বাচিত হোৱা দৰিদ্ৰ ছাত্ৰ ছাত্ৰীসকলে স্নাতক আৰু স্নাতকোত্তৰ বিভাগত পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, উদ্ভিদ বিজ্ঞান, জীৱ বিজ্ঞান, ইংৰাজী, মাইক্ৰ’ বাইঅ’লজী, এডমিনিছট্ৰেটিভ, গণিত, ৰাজনীতি বিজ্ঞান,বি বি এ,বি চি এ, বি এছ ডব্লিউ ইত্যাদি বিষয়ত পঢ়াৰ সুবিধা পাব ।

২০ জুনত ঘোষণা কৰা হব নিৰ্বাচিত হোৱা ছাত্ৰ-ছাত্ৰীৰ নাম লগতে
শিক্ষা বিনামূলীয়া হ’ব যদিও হোষ্টেল মাচুল ৰেহাই দিয়া নহয় বুলি সংবাদমেলত ব্যক্ত কৰে মহববুল হকে।