পাঠশালা, সংবাদ ৩৬৫, ৩ মাৰ্চ: পাঠশালাৰ ৩১ নং হাইৱেত দেওবাৰে পুৱা সংঘটিত হয় এক ভয়াবহ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত ২৪ জন যাত্ৰী আহত হোৱাৰ লগতে ৪ জনৰ অৱস্থা সংকটজনক।

দেওবাৰে পুৱা পাঠশালাৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাই পথেদি এ এছ-০১ কীও-৩০৪৭ নম্বৰৰ টাটা মবাইল গাড়ীখনৰে ২৪জন যাত্ৰী কঢ়িয়াই নলবাৰীলৈ গৈ আছিল। নলবাৰীলৈ গৈ থকা অৱস্হাতে পাঠশালাৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ হাইৱে চকত টাটা  মবাইল গাড়ীখন নিয়ন্ত্ৰন হেৰুৱাই পথৰ মাজতে লুটি বাগৰ খাই পৰে।

এই দুৰ্ঘটনাৰ ফলত টাটা মবাইল বাহনখনত থকা ২৪ জন যাত্ৰী আহত হয় আৰু চাৰিজন যাত্ৰী গুৰুতৰভাৱে আহত হয়।গুৰুত্বৰ ভাৱে আহত যাত্ৰী কেইগৰাকীক সংকটজনক অৱস্হাত বৰপেটা চিকিৎসালয়লৈ প্ৰেৰন কৰা হয়।

দুৰ্ঘটনাৰ পিছতে ঘটনাস্হলীত উপস্হিত ৰাইজ আৰু আৰক্ষীয়ে বাকী ২৪ জন আহতক পাঠশালা শ্বহীদ মদন ৰাউতা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায়।