ধুবুৰী

৩১ আগষ্ট

ধুবুৰীত ব্ৰহ্মপুত্ৰ নদীত একাংশ দুষ্ট চক্ৰই চলাই আহিছে শিহুৰ নিধনযজ্ঞ৷ জিলাখনৰ পাৰ্শৱৰ্তী মাঝেৰচৰ অঞ্চলৰ পৰা এটি মৃত শিহু উদ্ধাৰ কৰে বন বিভাগে। মাছ মৰিয়াৰ ফাঁচী জালত পৰি শিহুটোৰ অকাল মৃত্যু ঘটা বুলি জানিব পৰা গৈছে। 

সমগ্ৰ বিশ্বতে বিপন্ন প্ৰাণী বুলি চিহ্নিত শিহুৰ জীৱনৰ প্ৰতি দিনক দিনে তীব্ৰ ভাবুক কঢ়িয়াই আনিছে একাংশ দুস্কৃতিকাৰীয়ে। অসমৰ ব্ৰহ্মপুত্ৰ নদীত থকা শিহু বিভিন্ন সময়ত এই দুস্কৃতিকাৰীৰ হাতত ব্যাপক হাৰত নিধন হোৱা পৰিলক্ষিত হোৱাৰ সময়তে সোমবাৰে ধুবুৰী জিলাৰ মাঝেৰচৰ অঞ্চলত ব্ৰহ্মপুত্ৰ নদীত পুনৰ দুষ্প্ৰাপ্য
শিহুৰ নিধনযজ্ঞৰ এক তথ্য পোহৰলৈ আহিছে। ধুবুৰীৰ বন কৰ্মী হৰিশ চন্দ্ৰ নাথৰ নেতৃত্বত বন বিভাগে ধুবুৰীৰ পাৰ্শৱৰ্তী মাঝেৰচৰ অঞ্চলৰ পৰা এটি মৃত শিহু উদ্ধাৰ কৰে যদিওঁ ইয়াৰ সৈতে জড়িত থকা কোনো ব্যক্তিক আটক কৰিবলৈ সক্ষম নহয় বন বিভাগ। উল্লেখ্য যে, স্থানীয় মীন বিভাগ আৰু জিলা প্ৰশাসনৰ চকুৰ সন্মুখতেই জিলাখনত একাংশ মাছ মৰিয়াই নিষিদ্ধ জালেৰে ব্ৰহ্মপুত্ৰৰ বুকুৰ পৰা দিনে নিশাই কণী থকা মাছৰ পৰা আৰম্ভ কৰি বিভিন্ন প্ৰকাৰৰ পোনা জাতীয় মাছৰ চিকাৰ চলাই আহিছে। আনকি বিভিন্ন সময়ত এই মাছ মৰিয়াৰ সকলৰ জালত উঠি আহে দুষ্প্ৰাপ্য শিহু। ইয়াৰ পিছতো ঘোৰ নিদ্ৰাত ধুব জিলা প্ৰশাসন আৰু মীন বিভাগ। মীনবিভাগে কেৱল কাগজ কলমত কিছুমান জালৰ ব্যৱহাৰ নিষিদ্ধ কৰি আহিছে যদিওঁ কাৰ্যক্ষেত্রত এই নিষিদ্ধ জালেৰে ব্ৰহ্মপুত্ৰৰ বুকুত অব্যাহত আছে মাছ ধৰা কাৰ্য।

সোমবাৰে উদ্ধাৰ হোৱা মৃত শিহুটো মাছ মৰিয়াৰ ফাঁচী জালত পৰি অকাল মৃত্যু ঘটা বুলি জানিব পৰা গৈছে। এই ঘটনাই স্থানীয় প্ৰকৃতিপ্ৰেমীৰ মাজত ক্ষোভৰ সৃষ্টি কৰাৰ লগতে যধে মধে ব্ৰহ্মপুত্ৰৰ বুকুত জাল বহুৱাই মাছ ধৰাৰ ক্ষেত্ৰত মীন বিভাগক দৃষ্টি নিক্ষেপ কৰিবলৈ প্ৰকৃতিপ্ৰেমীৰ লগতে ৰাইজে দাবী উত্থাপন কৰিছে।