নিউজ ডেস্ক

৩১ আগষ্ট

দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ দেহাৱসনা। ৮৪ বছৰ বয়সত দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে। দিল্লীৰ এখন চিকিৎসালয়ত যোৱা ১০ আগষ্টৰ পৰা চিকিৎসাধীন আছিল প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী। ব্ৰেইন ক্লাট চাৰ্জাৰীৰ পিছৰে পৰা ভেন্টিলেচনত আছিল প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকী।

দেশৰ ৰাজনৈতিক মহলত ‘প্ৰণৱ দা’ হিচাপে জনপ্ৰিয় দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী সোমবাৰে দিল্লীৰ এখন চিকিৎসালয়ত চিকিৎসাধীন অবস্থাত শেষ নিশ্বাস ত্যাগ কৰে। ব্ৰেইন ক্লাট চাৰ্জাৰীৰ পিছৰে পৰা ভেন্টিলেচনত থকা প্ৰাক্তন ৰাষ্ট্ৰপতি গৰাকী কৰ’ণা ভাইৰাছৰ দ্বাৰাও সংক্ৰমিত আছিল। ইউ পি এ চৰকাৰৰ দিনত বিত্তমন্ত্ৰীৰ দৰে গুৰুত্বপূৰ্ণ দায়িত্বত থকা প্ৰণৱ মুখাৰ্জীয়ে পশ্চিম বংগ কংগ্ৰেছৰ পৰা নিজৰ ৰাজনৈতিক জীৱনৰ পাতনি মেলিছিল। ১৯৬৯ চনত প্ৰথমবাৰৰ বাবে ৰাজ্যসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হোৱা প্ৰণৱ মুখাৰ্জী ১৯৭৫, ১৯৮১, ১৯৯৩ আৰু ১৯৯৯ চনতো ৰাজ্যসভাৰ সদস্য আছিল। ২০০৪ চনত নিৰ্বাচনত জয়লাভ কৰি ২০১২ চনলৈ প্ৰণৱ মুখাৰ্জী লোকসভাৰ সদস্য আছিল।

২০১৪ চনত প্ৰণৱ মুখাৰ্জীৰ নাম দেশৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপেও চৰ্চালৈ আহিছিল যদিও মনমোহন সিংৰ চৰকাৰত প্ৰণৱ মুখাৰ্জী বিত্তমন্ত্ৰীৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ মন্ত্ৰীত্ব লাভ কৰিছিল। ২০১২ চনত প্ৰণৱ মুখাৰ্জীক কংগ্ৰেছে দেশৰ ৰাষ্ট্ৰপতিৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছিল। প্ৰণৱ মুখাৰ্জীয়ে এন ডি এ সমৰ্থিত প্ৰাৰ্থী পি এ চাংমাক পৰাজিত কৰি দেশৰ ১৩ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছিল।