ধুবুৰী

৩০ এপ্ৰিল

ধুবুৰীত সকলো শিক্ষা অনুষ্ঠান বন্ধ কৰাৰ নিৰ্দেশনা। ধুবুৰীৰ জিলা উপায়ুক্তই জিলাখনৰ শিক্ষা অনুষ্ঠান সমূহ বন্ধ কৰাৰ নিৰ্দেশনা জাৰি কৰিছে। জিলাখন শেহতীয়া কভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই নিৰ্দেশনা জাৰি কৰা হৈছে। অহা ১৫ দিনলৈ ধুবুৰীত বন্ধ থাকিব সকলো শিক্ষা অনুষ্ঠান।

দেশত কভিডৰ দ্বিতীয়টো ঢৌৰ তাণ্ডৱ দিনক দিনে অধিক ভয়াবহ ৰূপ ধাৰণ কৰিছে। প্ৰতিদিনে দেশত লক্ষাধিক লোক নতুনকৈ আক্রান্ত হৈছে কভিডত। চিকিৎসালয় সমূহত কভিড ৰোগীৰ বাবে ঠাইৰ অভাৱ হোৱাৰ লগতে অক্সিজেনৰ নাটনিত মৃত্যুৰ মুখত পৰিছে বহু লোক। নিয়ন্ত্ৰণহীন হৈ পৰা কভিডৰ সংক্ৰমণ ৰোধৰ ৰোধৰ বাবে চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। মাস্ক পৰিধান কৰাৰ লগতে সামাজিক দূৰত্ব বজাই ৰখাৰ বাবে চৰকাৰে ৰাইজক আহ্বান জনাইছে। ইতিমধ্যে কভিডে সংহাৰী ৰূপ ধাৰণ কৰা কেইবাখনো ৰাজ্যই লকডাউনৰ ধৰে পদক্ষেপো গ্ৰহণ কৰিছে। ইয়াৰ পিছতো বিগত ৯ দিন ধৰি দেশত কভিড আক্রান্তৰ সংখ্যা প্ৰতিদিনে তিনি লক্ষাধিক অতিক্ৰম কৰি আছে। অসমৰ পৰিস্থিতি যদিও নিয়ন্ত্ৰণত আছে, প্ৰতিদিনে ৰাজ্যত নতুনকৈ কবিডত আক্রান্ত হোৱা লোকৰ সংখ্যা বৃদ্ধি পাই আছে। অসমত বহিঃৰাজ্যৰ পৰা ৰে’লযোগে অহা বহু লোকৰ শৰীৰত কভিডৰ অৱস্থিতি ধৰা পৰিছে। ইফালে কভিড আক্রান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ ফলত নামনি অসমৰ ধুবুৰী জিলাত সকলো শিক্ষা অনুষ্ঠান তৎকালীনভাৱে বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

ধুবুৰী জিলা উপায়ুক্তই ১৫ দিনৰ বাবে জিলাখনৰ সকলো চৰকাৰী-বেচৰকাৰী শিক্ষা অনুষ্ঠান বন্ধ ৰখাৰ নিৰ্দেশনা জাৰি কৰিছে। শিক্ষা অনুষ্ঠান সমূহৰ লগতে জিলাখনত সকলো কোচিং চেণ্টৰ আৰু হোষ্টেল ১৫ দিনৰ বাবে বন্ধ থাকিব। ধুবুৰীত কভিড আক্রান্ত লোকৰ সংখ্যা ৩০০ ৰ অধিক বৃদ্ধি পোৱাৰ বাবে জিলাখনৰ শিক্ষা অনুষ্ঠান সমূহ বন্ধ কৰাৰ নিৰ্দেশনা জাৰি কৰিছে জিলা উপায়ুক্তই।