গুৱাহাটী 

১ মে’

কভিডত আক্রান্ত হৈ ৰাজ্যত এজনৰ পিছত আনজন শিল্পীৰ অকাল বিয়োগ। জনপ্ৰিয় কণ্ঠশিল্পী ভিটালী দাস আৰু বিজয়ালক্ষ্মী দাসৰ পিছত অসমে হেৰুৱালে অন্য এগৰাকী প্ৰতিভাবান যুৱ কণ্ঠশিল্পীক। বিগত বছৰ বিহু মঞ্চত সংগীত পৰিবেশন কৰি ৰাইজৰ মৰমৰ বুটলিবলৈ সক্ষম হোৱা কণ্ঠশিল্পী গৰাকী অনুৰাগিক কান্দোৱাই আঁতৰি গ’ল।

কভিড মহামাৰীৰ দ্বিতীয়টো ঢৌৱে সমগ্ৰ দেশতে সংহাৰী ৰূপ ধাৰণ কৰিছে। প্ৰতিদিনে দেশত লক্ষাধিক লোক আক্রান্ত হৈছে এই মহামাৰীত। কভিডে আমাৰ মাজৰ পৰা কাঢ়ি নিছে আমাৰ বহু আপোনজনক। বহু প্ৰতিভাবান লোক অকালতে আঁতৰি গৈছে আমাৰ মাজৰ পৰা। অসমতো কালৰূপী কভিডে তাণ্ডৱ অব্যাহত ৰাখি মৃত্যুৰ মুখলৈ ঠেলি দিছে বহু লোকক।

কভিডৰ ফলত অসমৰ সংগীত জগতখনত হোৱা ক্ষতি পূৰণ কৰাটো অসম্ভৱ। কভিডৰ বাবে অসমৰ কেইবাগৰাকী কণ্ঠশিল্পীয়ে অকালতে প্ৰাণ হেৰুৱাবলগীয়া হৈছে। কভিডত আক্রান্ত হৈ অসমৰ অন্যতম জনপ্ৰিয় কণ্ঠশিল্পী ভিটালী দাৰ মৃত্যুৰ খবৰ মাৰ নাযাওঁতে শুকুৰবাৰে আমি হেৰুৱেইছিলোঁ কণ্ঠশিল্পী বিজয়ালক্ষ্মী দাসক।

কভিডে পুনৰ এক শোকৰ বতৰা কঢ়িয়াই আনিছে অসমৰ শিল্পী জগতলৈ। এইবাৰ কভিডত আক্রান্ত হৈ মৃত্যুৰ মুখত পৰিছে অসমৰ প্ৰতিভাবান এগৰাকী যুৱ কণ্ঠশিল্পী পাৰবীন পৰি। গুৱাহাটীৰ জি এন আৰ চি হাস্পতালত কভিডত আক্রান্ত হৈ চিকিৎসাধীন হৈ আছিল যুৱ কণ্ঠশিল্পী গৰাকী। দুদিন পূৰ্বে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল পাৰবীন পৰিক।

উল্লেখ্য যে বিগত বছৰ কেইবাটাও বিহু মঞ্চত সংগীত পৰিবেশন কৰিছিল পাৰবীন পৰিয়ে। প্ৰতিভাবান যুৱ শিল্পী গৰাকীয়ে নিজৰ সংগীতৰে দৰ্শকৰ মন জয় কৰি দৰ্শকৰ মনত এক সুকীয়া স্থনা লাভ কৰিবলৈ সক্ষম হৈছিল। অকালতে এইগৰাকী প্ৰতিভাবান কণ্ঠশিল্পীক হেৰুৱাই শিল্পী গৰাকীৰ অনুৰাগী সকল শোকত ভাঙি পৰা পৰিলক্ষিত হৈছে।