দৰং, সংবাদ ৩৬৫, ২৭ ডিচেম্বৰ: দৰং জিলাৰ ধূলা থানাৰ অন্তৰ্গত পানীয়াখাটৰ ”ভানুমতি ৰাইচ” মিলত নিশা প্ৰায় ৩ বজাত ভয়াৱহ অগ্নিকাণ্ড সংঘটিত হয়। এই ভয়ঙ্কৰ অগ্নিকাণ্ডত পুৰি ভস্মীভূত হয় লাখ লাখ টকাৰ সম্পত্তি। চৰ্ট ছাৰ্কিটৰ ফলত হোৱা এই বিধ্বংসী অগ্নিকাণ্ডত প্ৰায় ৪শ বস্তা ধান আৰু ২০০ বস্তা চাউল সম্পূৰ্ণ ভাৱে জুইত ভস্মীভূত হয়। “ভানুমতি ৰাইচ মিল”ত সংঘটিত হোৱা অগ্নিকাণ্ডৰ খবৰ পোৱাৰ লগে লগে খাৰুপেটিয়া আৰু মঙ্গলদৈৰ পৰা অহা অগ্নিনিৰ্বাপক বাহিনী আৰু স্থানীয় ৰাইজৰ তৎপৰতাত জুই নুমোৱাবলৈ সক্ষম হয় যদিও পুৰি ছাৰখাৰ হয় বিভিন্ন সা সামগ্ৰী । অঞ্চলটোৰ ৪ জনৰো অধিক ব্যৱসায়ি সকলৰ ধান,চাউলকে আদি কৰি প্ৰায় ৪০ লক্ষাধিক টকাৰ মেচিন, মটৰ আদি সামগ্ৰী সমুহ জুইত ভস্মীভূত হয়।