কলগাছিয়া, সংবাদ ৩৬৫, ২৬ ডিচেম্বৰ: ৰক্ষকেই ভক্ষক। এইবাৰ ভক্ষকৰ ৰূপত নামি পৰিল খোদ আৰক্ষী। কলগাছিয়া আৰক্ষী থানাত খোদ আৰক্ষীয়ে চলাই আছে দালালৰাজ। এই দালাল বা আৰক্ষীৰ এজেন্টৰ জৰিয়তে আৰক্ষীয়ে সংগ্ৰহ কৰে মোটা অংকৰ ধন। উল্লেখ্য যে, যোৱা ২৩ তাৰিখে কলগাছিয়া থানাৰ অন্তৰ্গত কাউৰঝাহীত ৰাইজে এখন নাওসহ এজন চোৰ আটক কৰি আৰক্ষীক গতাই দিছিল। কিন্ত থানাখনৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া শ্বাহীৰ আলীয়ে চোৰজনক আটক কৰি নাওখনৰ মালিক অহাৰ পিছত আৰক্ষী বিষয়াজনৰ চক্ৰান্তত দালালৰ সহায়ত ৰাতি ৯ বজাৰ পিছত এক গোচৰ দিয়ে। পিছত গোচৰকাৰী দালালৰ জৰিয়তে আৰক্ষী বিষয়া জনে মোটা অংকৰ ধন সংগ্ৰহ কৰি চোৰজনক এৰি দিয়ে। ইফালে চোৰজনৰ ফটো সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক ফটো লোৱাত বাধা প্ৰধান কৰে শ্বাহীৰ আলী নামৰ আৰক্ষী বিষয়া জনে। নিতৌ দুর্নীতিমুক্তৰ কথা কৈ ফুৰা সোনোৱাল চৰকাৰখনে শ্বাহীৰ আলী নামৰ এনে আৰক্ষী বিষয়াক নাকী লগাব পাৰিব নে? সেয়া এক চিন্তনীয় বিষয় হৈ পৰিছে।