বাইহাটা চাৰিআলি, সংবাদ ৩৬৫, ২৭ ডিচেম্বৰ: এখন দলঙে প্ৰান কাঢ়ি নিলে কমলপুৰ থানাৰ অন্তৰ্গত হাবেৰিকুৰা গাৱৰ চন্দ্ৰ ধৰ নাথ(১৯) নামৰ যুৱক জনৰ। নিশাৰ ভাগত ঘন কুৱলিয়ে ছানি ধৰাৰ ফলতেই ৰেলিং বিহীন দলঙৰ পৰা তলত পৰি মৃত্যুক সাৱটি লয় উক্ত যুৱকজনে। উল্লেখ্য যে বুধবাৰে নিশা চন্দ্ৰধৰ নামৰ যুৱক জনৰ ঘৰৰ সমীপৱৰ্তী ছোৱালী এজনী অসুস্থ হৈ পৰাত চন্দ্ৰধৰে চিকিৎসাৰ বাবে ছোৱালী জনীক নিকটবৰ্তী কমলপুৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়লৈ লৈ যায়। পিচত ছোৱালীজনী সুস্থ হৈ উঠাত পুনৰ ঘৰলৈ বুলি টেম্পো এখনত পঠাই দি নিজে বন্ধু দুজনৰ সৈতে স্কুটি এখনেৰে ঘৰলৈ উভতি অহাৰ পথতে ডাঠ কুৱলীৰ বাবে কমলপুৰৰ পৰা ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী পথৰ ৰেলিং বিহীন দলঙৰ
পৰা তলত পৰি থিতাতে নিহত হয় যুৱকজন। গড়কাপ্তানী বিভাগৰ হেমাহীৰ বাবেই চন্দ্ৰ ধৰৰ মৃত্যু হয় বুলি স্থানীয় ৰাইজে অভিযোগ কৰে।