গুৱাহাটী

১৮ এপ্ৰিল

মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালে শনিবাৰে লখিমপুৰ জিলাৰ নাৰায়ণপুৰস্থিত দেউৰী স্বায়ত্তশাসিত পৰিষদৰ অতিথিশালাত অনুষ্ঠিত এক বৈঠকত লখিমপুৰ আৰু ধেমাজি জিলাৰ সাম্প্রতিক কভিড পৰিস্থিতিৰ বিষয়ে সবিশেষ পর্যালােচনা কৰে। পর্যালােচনা কালত মুখ্যমন্ত্ৰীয়ে জিলা উপায়ুক্ত তথা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ সৈতে মত-বিনিময় কৰি সাম্প্রতিক কভিড সংক্ৰমণৰ সবিশেষ বুজ লয়। বৈঠকত দুয়ােখন জিলাৰ উপায়ুক্তই কভিড সংক্রমণ প্রতিৰােধ কৰাৰ দিশত গ্রহণ কৰা ব্যৱস্থাৰাজিৰ লগতে ভেকচিন প্রদান, সংক্রমণৰ হাৰ, হাস্পতালত থকা সা-সুবিধাসমূহৰ বিষয়ে মুখ্যমন্ত্রীক সবিশেষ অৱগত কৰে।

আনহাতে, দুয়ােগৰাকী স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকে চিকিৎসা বিভাগে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে মুখ্যমন্ত্ৰীক অৱগত কৰে। বৈঠকত মুখ্যমন্ত্ৰীয়ে জিলা দুখনত ভেকচিন প্রদানৰ ক্ষেত্ৰত জনসচেতনতা সৃষ্টিৰ বাবে প্রশাসনক নির্দেশ দিয়ে। ৰাজহুৱা স্থানত জনসাধাৰণে যাতে মাস্ক পৰিধান কৰাৰ লগতে সামাজিক দূৰত্ব বর্তাই ৰাখে সেই দিশতাে নজৰ ৰাখিবলৈ মুখ্যমন্ত্ৰীয়ে কয়। মুখ্যমন্ত্ৰীয়ে লগতে কভিড পজিটিভ ৰােগীৰ ক্ষেত্ৰত মাইক্র কণ্টেইনমেণ্ট এলেকাৰ ব্যৱস্থা কৰিবলৈও নির্দেশ দিয়ে। মুখ্যমন্ত্ৰীয়ে লগতে প্রয়ােজনীয় অক্সিজেন চিলিণ্ডাৰ আৰু আই চি ইউ বেডৰ ব্যৱস্থা মজুত ৰখাৰ বাবেও নির্দেশ দিয়ে। কভিড ৰােগীৰ বাবে হাস্পতালসমূহত যাতে বিচনাৰ অভাৱ নহয় সেই সম্পর্কে যথােচিত পদক্ষেপ লােৱাৰ বাবেও মুখ্যমন্ত্ৰীয়ে নির্দেশ দিয়ে। কভিড পৰীক্ষা ব্যাপক হাৰত কৰাৰ ওপৰতাে মুখ্যমন্ত্ৰীয়ে গুৰুত্ব আৰােপ কৰে।

বিহু অনুষ্ঠানসমূহত যাতে কভিড প্র’টকল মানি চলা হয় তাৰ বাবেও বিশেষ লক্ষ্য ৰাখিবলৈ মুখ্যমন্ত্ৰীয়ে কয়। পর্যালােচনা বৈঠকত লখিমপুৰ জিলাৰ উপায়ুক্ত খৰ্গেশ্বৰ পেগু আৰু ধেমাজি জিলাৰ উপায়ুক্ত ডাঃ জীৱন বি, দুয়ােখন জিলাৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালককে ধৰি স্বাস্থ্য বিভাগ তথা প্রশাসনৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে।