গুৱাহাটী

১৮ এপ্ৰিল

প্ৰাক্তন মুখ্যমন্ত্ৰী ভূমিধৰ বৰ্মনৰ দেহাৱসান। দেওবাৰে দিছপুৰ হাস্পতালত নিশ্বাস ত্যাগ কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে। দীৰ্ঘদিন ধৰি দিছপুৰ হাস্পতালত চিকিৎসাধীন হৈ আছিল প্ৰাক্তন মুখ্যমন্ত্ৰী ভূমিধৰ বৰ্মন।

দিছপুৰ হাস্পতালত চিকিৎসাধীন অৱস্থাত দেওবাৰে সন্ধিয়া ৬.২১ মিনিটত শেষ নিশ্বাস ত্যাগ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীয়ে। দীর্ঘদিন ধৰি বৃক্কৰ ৰোগত আক্রান্ত হৈ দিছপুৰ হাস্পতালত চিকিৎসাধীন হৈ আছিল প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকী। যোৱা ১৩ মাৰ্চত ভূমিধৰ বৰ্মনক চিকিৎসলায়ত ভৰ্তি কৰোৱা হৈছিল। ১৯৯৬ চনৰ ২২ এপ্ৰিলৰ পৰা ১৯৯৬ চনৰ ১৪ মে’ পৰ্যন্ত অসমৰ মুখ্যমন্ত্ৰী আছিল ভূমিধৰ বৰ্মন। অসম বিধানসভালৈ সাতবাৰকৈ নিৰ্বাচিত হৈছিল ভূমিধৰ বৰ্মন। ১৯৬৭ চনত ভূমিধৰ বৰ্মন পোনপ্ৰথম বাৰৰ বাবে বিধানসভালৈ নিৰ্বাচিত হৈছিল।

১৯৩১ চনৰ ১২ অক্টোবৰত নলবাৰী জিলাত ভূমিধৰ বৰ্মন জন্ম গ্ৰহণ কৰিছিল। মৃত্যুৰ সময়ত ভূমিধৰ বৰ্মনৰ বয়স আছিল ৮৯ বছৰ। প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ মৃত্যুত সমগ্ৰ ৰাজ্যজুৰি শোকৰ ছাঁ পৰিছে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰাক্তন মুখ্যমন্ত্ৰী ভূমিধৰ বৰ্মনৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে।