ক্ষেত্ৰী, সংবাদ ৩৬৫, ৩০ মাৰ্চ: ৰাজ্যত যোৱা কিছুদিন ধৰি সংঘটিত হৈ থকা ধর্ষণকাণ্ডৰ বিৰুদ্ধে বিভিন্ন দল সংগঠনৰ লগতে ৰাইজ ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰি ধর্ষণকাৰীক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাই অহাৰ সময়তে ডিমৰীয়া প্ৰেছ ক্লাৱে ধর্ষণকাণ্ডৰ বিৰুদ্ধে গ্ৰহণ কৰিছে এক ব্যতিক্ৰম পদক্ষেপ। মহানগৰীৰ সমীপৱৰ্তী ডিমৰীয়া প্ৰেছ ক্লাৱৰ সদস্য সকলে মালয়বাৰীৰ সৃজন আৰ্টছ গ্ৰুপৰ চিত্ৰশিল্পী সকলক লগত ৰাজ্যত সংঘটিত হৈ থকা এটাৰ পিছত আনটো ধর্ষণকাণ্ডৰ বিৰুদ্ধে হাতত তুলি ললে তুলিকা। ডিমৰীয়াৰ সংবাদিক সকল আৰু মালয়বাৰীৰ সৃজন আৰ্টছ গ্ৰুপৰ চিত্ৰশিল্পী সকলে শুক্ৰবাৰে ক্ষেত্ৰী তিনিআলিৰ উৰণীয়া সেঁতুৰ দুয়ো কাষৰ দেৱালত অংকন কৰিলে ধৰ্ষণ বিৰোধী চিত্ৰ। দেৱালত অংকিত চিত্ৰৰ মাধ্যমেৰে ডিমৰীয়াৰ সাংবাদিক আৰু চিত্ৰশিল্পী সকলে ধৰ্ষণকাৰী সকলক কঠোৰ শাস্তি প্ৰদান কৰাৰ দাবী তুলি ধৰাৰ লগতে এনে জঘন্য কাণ্ডৰ পুনৰাবৃত্তি যাতে নহয় ইয়াৰ বাবে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰো চেষ্টা কৰে। ডিমৰীয়া সাংবাদিক আছৰাৰ আনছাৰি আৰু দীপক ডেকাই জানিবলৈ দিয়ে যে আমি ডিমৰীয়া অঞ্চলৰ সাংবাদিক সকলে দেৱাল অংকনৰ জড়িয়তে প্ৰতিজন পুৰুষক আহ্বান জনাব বিচাৰো যাতে প্ৰতিজন পুৰুষে নাৰীক উপযুক্ত সন্মান প্ৰদান কৰে। শুক্ৰবাৰৰ পৰা আৰম্ভ হোৱা ডিমৰীয়া প্ৰেছ ক্লাৱৰ এই ধর্ষণ বিৰোধী দেৱাল অংকন সমগ্ৰ ডিমৰীয়া অঞ্চলৰ বিভিন্ন স্থানত কৰা হব বুলিও জানিবলৈ দিয়ে সৃজন আৰ্টছ গ্ৰুপৰ সভাপতি অশোক দাসে।