নগাঁৱৰ পৰা ৱাহিদুদ জামান, সংবাদ ৩৬৬, ৩০ মাৰ্চ: নগাঁও আৰক্ষীয়ে শুক্ৰবাৰে জিলাখনৰ চিভিল গেটৰ সমীপত থকা বাছ আস্থানত অভিযান চলাই ৯ বস্তা শামুক জব্দ কৰাৰ লগতে দুগৰাকী মহিলাসহ তিনিজন লোকক আটক কৰিবলৈ সক্ষম হয়। এক গোপন সুত্ৰে লাভ কৰা খবৰৰ ভিত্তিত আৰক্ষীয়ে অতৰ্কিতে চলোৱা অভিযানত আটক হোৱা লোককেইজন হ’ল বটদ্ৰৱা আমলখি অঞ্চলৰ জয়নাল আবদিন, হালিমা খাতুন আৰু মমিনা খাতুন। জানিব পৰা মতে, লোক কেইজনে আমলখি অঞ্চলৰ পৰা শামুকখিনি আনি নগাঁৱত আন এটা গাড়ীত উঠোৱাৰ প্ৰস্তুতি চলাওতে আৰক্ষীৰ হাতত ধৰা পৰে। আৰক্ষী সুত্ৰে জানিব পৰা মতে লোক কেইজনে এই শামুক খিনি বহি:ৰাজ্যৰ ডিমাপুৰলৈ বিক্ৰীৰ বাবে নিয়াৰ পৰিকল্পনা কৰিছিল। সম্প্ৰতি আৰক্ষীয়ে ধৃত লোকজনক নগাঁও সদৰ আৰক্ষী চকীত জেৰা অব্যাহত ৰাখিছে।