দুধনৈ, সংবাদ ৩৬৫, ৩০ মাৰ্চ: গোৱালপাৰা জিলাৰ দুধনৈত বৃহস্পতিবাৰে নিশা এটা বনৰীয়া হাতীয়ে জনাঞ্চলত প্ৰৱেশ কৰি ৬ খনকৈ গাঁৱত সন্ত্ৰাসৰ সৃষ্টি কৰাৰ লগতে কেইবাটাও বাসগৃহ ভাঙি লণ্ডভণ্ড৷ বনাঞ্চলৰ পৰা জনাঞ্চলত প্ৰৱেশ কৰি হাটীটোৱে বুধবাৰে সন্ধিয়া কৃষ্ণাইৰ লালাবড়ীত এজন লোকক গচকি নিহত কৰাৰ পিছত মাজ জাখিলীৰ বাৰিগাঁৱ, গুৱাবাৰী, পাহাৰতলীৰ লগতে উপৰতোলা আৰু সাৰাপাৰতো উপদ্ৰৱ চলায়৷ হাটীটোৱে অঞ্চলকেইটাত ছয়টাকৈ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰাৰ লগতে কেইবাজনো লোকৰ ভঁৰালত থকা ধান খাই শেষ কৰে।উল্লেখ্য যে, জিলাখনৰ উপৰতোলাৰ জামিনী ৰায় নামৰ এজন ব্যক্তিৰ বাসগৃহ এমহত তিনিবাৰকৈ ভাঙিলে বনৰীয়া হাতীয়ে। অঞ্চলটোত বনৰীয়া হাতী প্ৰৱেশ কৰাৰ খবৰ ৰংজুলি বন বিভাগক ৰাইজে অৱগত কৰোৱাৰ পিছতো বন বিভাগৰ পৰা কোনো ধৰনৰ সহাৰি নোপোৱাৰ অভিযোগ উত্থাপিত কৰিছে ৰাইজে।