নগাঁও, সংবাদ ৩৬৫, ৪ মাৰ্চ : নগাঁও আৰক্ষীয়ে এক বৃহৎ সাফল্য লাভ কৰি চহৰখনৰ পৰা বৃহৎ পৰিমাণৰ নিচা জাতীয় টেবলেট, চিৰিঞ্জ আৰু হুকা জব্দ কৰিবলৈ সক্ষম হয়। নিচা জাতীয় সমগ্ৰীৰ ব্যৱসায়ৰ লগত জড়িত এখন ব্যক্তিকো আটক কৰে আৰক্ষীয়ে।
বুধবাৰে নগাঁও আৰক্ষীয়ে চহৰখনত দীৰ্ঘদিন ধৰি নিচা জাতীয় সামগ্ৰীৰ ৰমৰমিয়া বেহা চলাই থকা এজন ব্যক্তিক আটক কৰাৰ লগতে বৃহৎ পৰিমাণৰ নিচা জাতীয় সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয়। নগাঁও আৰক্ষীয়ে এক গোপন সূত্ৰৰ পৰা লাভ কৰা খবৰৰ ভিত্তিত চহৰখনৰ বৰভেটিত এক অভিযান চলাই আচ্ছাদুল ইছলাম নামৰ এজন ব্যক্তিক আটক কৰি ব্যক্তিজনৰ কবলৰ পৰা বৃহৎ পৰিমাণৰ নিচা জাতীয় টেবলেট, চিৰিঞ্জ আৰু হুকা জব্দ কৰে। নগাঁৱৰ আৰক্ষী বিষয়া সিদ্ধাৰ্থ বুঢ়াগোহাঁইৰ নেতৃত্বত টাউন উপ-পৰিদৰ্শক কুন্দন ৰবি দাসৰ লগত যোৱা এটি আৰক্ষীৰ দলে নিচা জাতীয় সামগ্ৰী বিৰোধী অভিযান চলাই এই সফলতা লাভ কৰে। জানিব পৰা মতে আৰক্ষীয়ে আটক কৰা আচ্ছাদুল ইছলাম নামৰ ব্যক্তিজন দীৰ্ঘদিন ধৰি নিচা জাতীয় সামগ্ৰীৰ ব্যৱসায়ৰ লগতে জড়িত আছিল আচ্ছাদুল ইছলামে ৰাজ্যৰ বিভিন্ন প্ৰান্তত নিচা জাতীয় সামগ্ৰীৰ ৰমৰমিয়া বেহা চলাই থকাৰ লগতে বহিঃৰাজ্যলৈ নিচা জাতীয় সামগ্ৰী সৰবৰাহ কৰি আহিছিল।
নগাঁও আৰক্ষী বিষয়া সিদ্ধাৰ্থ বুঢ়াগোহাঁইৰ নেতৃত্বত যোৱা দলটোৱে লাভ কৰা এই সফলতাক নগাঁও বাসীয়ে শলাগ লৈছে। বৰ্তমান আৰক্ষীয়ে আচ্ছাদুলক গ্ৰেপ্তাৰ কৰি অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে।