নিউজ ডেস্ক, সংবাদ ৩৬৫, ৩ মাৰ্চ: কাশ্মীৰক সংঘাতক কেন্দ্ৰ কৰিয়ে সম্প্ৰীতি ভাৰত আৰু পাকিস্তানৰ মাজৰ সম্পৰ্ক দিনে দিনে বেয়াৰ দিশে ঢাল খাইছে। ভাৰতক সন্ত্ৰাসবাদীৰ ঘাটি হিচাপে নিৰ্মান কৰাৰ লগতে সন্ত্ৰাসবাদ বিয়পাই দিয়াৰ উদ্দেশ্য আগত ৰাখি পাকিস্তানে নিতৌ গুলিবর্ষণ অব্যাহত ৰাখিছে যদিও বৰ্তমান সময়লৈ ভাৰতীয় সেনাও পাকিস্তানক উচিত প্ৰত্যুত্তৰ দি আহিছে।

মঙলবাৰে পুনৰ জম্মু-কাশ্মীৰৰ পুঞ্জ জিলাৰ নিয়ন্ত্ৰণ সীমা ৰেখাত যুদ্ধ বিৰতিৰ উলঙ্ঘন কৰি পাকিস্থানে গুলী বৰ্ষণ কৰে। ইয়াৰ পিছমুহূৰ্ততো থমকি নৰৈ ভাৰতীয় সেনাই প্ৰত্যুত্তৰ দিয়ে পাকিস্থানক। দুয়ো পক্ষৰ গুলী বর্ষণত বৰ্তমানলৈকে কোনো ধৰণৰ ক্ষয় ক্ষতি হোৱা নাই বুলি জানিব পৰা গৈছে।

মঙলবাৰে পাকিস্তানী সেনাই গুলীবর্ষণ কৰাৰ লগে লগে নিয়ন্ত্ৰণ সীমা ৰেখাত থকা জনবসতি অঞ্চল সমূহৰ পৰা সাধাৰণ ৰাইজক ভাৰতীয় সেনাই নিৰাপদ স্থানলৈ স্থানান্তৰ কৰে।