নিউজ ডেস্ক, সংবাদ ৩৬৫, ৫ মাৰ্চ : নতুন দিল্লীৰ পাতিয়ালা হাউচ আদালতে চতুৰ্থ বাৰৰ বাবে ডেথ ৱাৰেণ্ট জাৰি কৰিলে নির্ভয়া কাণ্ডৰ ৪ অভিযুক্তৰ বিৰুদ্ধে।২০ মাৰ্চত ৰাতিপুৱা ৫ বাজি ৩০ মিনিটত ফাঁচী দিয়া হ’ব ৪ অভিযুক্ত ক্ৰমে মুকেশ, বিনয়, পৱন আৰু অক্ষয়ক।

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বতেও ৩ মাৰ্চত উচ্চতম ন্যায়ালয়ে ৪ জন অভিযুক্তৰ বিৰুদ্ধে ফাঁচীৰ ৰায় দিছিল যদিও দোষী পৱন গুপ্তাই ৰাষ্ট্ৰপতিলৈ ক্ষমা আবেদন কৰিছিল যাৰ ফলত ফাঁচীৰ তাৰিখ পিছুৱাই দিব লগা হৈছিল।শুকুৰবাৰে নতুন ডেথ ৱাৰেণ্ট জাৰি কৰাক লৈ পাতিয়ালা হাউচ আদালতত শুনানি লোৱা হৈছিল আৰু ২০ মাৰ্চত ফাঁচীৰ দিন ধার্য কৰা হৈছে। নতুন ডেথ ৱাৰেণ্ট জাৰিৰ পিছত অতিকৈ আনন্দিত হোৱা পৰিলক্ষিত হয় ভুক্তভোগী নির্ভয়াৰ পিতৃ আৰু মাতৃক। নির্ভয়াৰ মাতৃয়ে এই সন্দৰ্ভত নিজৰ মত প্ৰকাশ কৰি কয় যে, দোষীসকলৰ ইতিমধ্যে সকলো বিকল্প ৰাস্তা শেষ হৈছে আৰু এইয়াই চূড়ান্ত তাৰিখ হওক যত নিৰ্ভয়াই ন্যায় লাভ কৰক। এতিয়া ফাঁচীৰ তাৰিখ পিছুৱাই নিয়াৰ ক্ষেত্ৰত দোষীসকলৰ সকলো পথ বন্ধ হৈছে যদিও নিৰ্ভয়াক ন্যায় প্ৰদান বাবে শেষ মুহূৰ্তলৈ নির্ভয়াৰ পৰিয়ালবৰ্গই যুঁজি যাবলৈ সাজু বুলিও মন্তব্য কৰে নিৰ্ভয়াৰ পিতৃয়ে।

যিদিনাখন ৪ জন অভিযুক্তই ফাঁচী লাভ কৰিব সেইদিনাই নিৰ্ভয়াই ন্যায় লাভ কৰিব মন্তব্য কৰে নিৰ্ভয়াৰ পিতৃয়ে। উল্লেখ্য যে, দেশৰ ৰাজধানী দিল্লীত চলন্ত বাছত এগৰাকী ছত্ৰীক ধৰ্ষণ কৰি অতি অমানৱীয় ভাবে হত্যা কৰিছিল মুকেশ, বিনয়, পৱন আৰু অক্ষয়ে।