কলিয়াবৰ, সংবাদ ৩৬৫, ২৫ ফেব্ৰুৱাৰী : নতুন দিল্লীৰ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ সহযোগত কলিয়াবৰত অনুষ্ঠিত হয় ত্ৰিশদিনীয়া নাট্য কৰ্মশালাৰ। চিত্ৰলেখা ড্ৰামা প্ৰডাকচনে নৱমবাৰৰ বাবে কলিয়াবৰৰ হাটবৰত অনুষ্ঠিত কৰে এই নাট্য কৰ্মশালা।

এই কৰ্মশালাৰ অন্তত দেওবাৰে নিশা মঞ্চস্হ কৰা হয় নৰেন পাটগিৰিৰ দ্বাৰা ৰচিত নাটক” নদী গুমগুমায়”।এই নাট্য কৰ্মশালাত অংশগ্ৰহণ কৰে অসমৰ বিভিন্ন প্ৰান্তৰ ২১ গৰাকী প্ৰশিক্ষাৰ্থীয়ে।
দেওবাৰে কৰ্মশালাৰ অন্তত কৰ্মশালাৰ সঞ্চালক হিচাপে ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ স্নাতক ,অভিনেতা,পৰিচালক জ্যোতি নাৰায়ন নাথৰ নিৰ্দেশনা আৰু বিশিষ্ট শিল্পী তৰালী শৰ্মাৰ সংগীত নিৰ্দেশনাত হাটবৰ নাট্য সমাজ ভৱনৰ প্ৰেক্ষাগৃহত মঞ্চস্হ কৰা হয় নৰেন পাটগিৰিৰ নাটক “নদী গুমগুমায়” । ২৫ জানুৱাৰীৰ পৰা ২৩ ফেব্ৰুৱাৰীলৈকে অনুষ্ঠিত নাট কৰ্মশালাৰ অন্তত দেওবাৰে নিশা দুটাকৈ দৰ্শনীৰে প্ৰশিক্ষাৰ্থীসকলে মঞ্চায়ন কৰে সাম্প্ৰতিক প্ৰেক্ষাপটৰ ভিত্তিত নাটক।

হাতী-মানুহৰ সংঘাত ,বানপানী ,গৰা-খহনীয়া ,বিদেশীৰ আগ্ৰাসন ,খিলঞ্জীয়াৰ ওপৰত চৰকাৰৰ অত্যাচাৰ আদিৰ ওপৰত অৰ্থাৎ সাম্প্ৰতিক সময়ৰ অসমৰ জলন্ত সমস্যাসমূুহক দাঙি ধৰাৰ চেষ্টা কৰা হয় “নদী গুমগুমায়” নাটকখনৰ জৰিয়তে।

নাটকৰ অন্তত নাট্য কৰ্মশালাত অংশগ্ৰহণ কৰা প্ৰতিগৰাকী প্ৰশিক্ষাৰ্থীক প্ৰদান কৰা হয় ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ পৰা একোখনকৈ প্ৰমাণ পত্ৰ।

নৱ-প্ৰজন্মৰ যুৱক-যুৱতীসকলক নাট্যশিল্পৰ প্ৰতি আকৃষ্ট কৰি নাট্য শিল্পৰ প্ৰতিটো দিশত প্ৰশিক্ষণ দিয়াৰ উদ্দেশ্যে অনুষ্ঠিত কৰা নাট্য কৰ্মশালাৰ শলাগ লৈছে কলিয়াবৰৰ শিল্পী-সমাজে।