বকো, সংবাদ ৩৬৫, ২৫ ফেব্ৰুৱাৰী : বকো সমষ্টিৰ নগৰবেৰাৰ টুপামাৰীত সোমবাৰে সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড। নিমিষতে জ্বলি ছাই হয় তিনিটা পৰিয়ালৰ চাৰিটাকৈ বাসগৃহ। জুইত জাহ যায় বহুতো মূল্যবান সা-সামগ্ৰী।

নগৰবেৰাৰ টুপামাৰী গাঁৱৰ নুৰুল ইছলাম ঘৰত প্ৰথমে এই অগ্নিকাণ্ডৰ সূত্ৰপাত হয় আৰু তাৰ পাছতে এই জুই বিয়পি পৰে ৰচুল পৰামানিক আৰু ইউছৱ আলীৰ বাসগৃহত। নিমিষতে জ্বলি ছাই হৈ যায় তিনিটা পৰিয়ালৰ চাৰিটা বাসগৃহ। বাসগৃহৰ লগতে জুইত জাহ যায় বহু টকাৰ সা-সম্পত্তি।

উল্লেখ্য যে এই জুইত বহু আচবাব পত্ৰৰ লগতে বহুতো গুৰুত্বপূৰ্ণ নথি পত্ৰ জুইত জাহ গৈছে। যাৰ কাৰণে পৰিয়াল কেইটাৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিবেশ। এই বিধ্বংসী অগ্নিকাণ্ডত পৰিয়াল কেইটাৰ প্ৰায় দহ লক্ষাধিক টকাৰ সা সম্পত্তি ভস্মীভূত হোৱা বুলি জানিব পৰা গৈছে।

অৱশেষত স্থানীয় ৰাইজৰ লগতে চি আই এছ এফৰ (CISF) এটা দলে জুই নুমুৱাবলৈ সক্ষম হয়। উল্লেখযোগ্য যে, টুপামাৰী অঞ্চলত প্রায়ে অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় যদিও এই অঞ্চলটোত আজি পৰ্যন্ত স্থাপন হোৱা নাই এটাও অগ্নিনিৰ্বাপক কেন্দ্ৰ। যাৰ বাবে ক্ষুন্ন হৈ পৰিছে নগৰবেৰাৰ ৰাইজ।