মৰিয়নী, সংবাদ ৩৬৫, ১৪ এপ্ৰিলঃ সমগ্ৰ দেশৰ লগতে ৰাজ্যত খাদ্যসামগ্ৰীৰ জুই চাই দামে কোঙা কৰি পেলাইছে দুখীয়া জনসাধাৰণক। খাদ্যসামগ্ৰীৰ এনে জুই চাই দামৰ সময়ত পেট ভৰাই এসাজ ভাত মাথোঁন ৯ টকাত পোৱাটো অবিশ্বাস্য যদিও এনে অবিশ্বাস্য কামকো সম্ভৱ কৰি তুলিছে যোৰহাট জিলাৰ মৰিয়নীৰ প্ৰাক্তন বিধায়ক তথা সমাজ সেৱক আলোক কুমাৰ ঘোষ। শনিবাৰে গৰু বিহুৰ দিনা যোৰহাট জিলাৰ মৰিয়নীৰ উন্নয়ন সমিতিয়ে ‘নমো কেণ্টিন’ নামৰ এখন কেণ্টিনৰ শুভাৰম্ভ কৰি মাত্ৰ ৯ টকাত এসাজ ভাত দিয়াৰ ব্যৱস্থা কৰিছে। ‘নমো কেণ্টিন’ দুপৰীয়া আৰু ৰাতিৰ ভাত মাত্ৰ ৯ টকাত দিয়াৰ লগতে সন্ধ্যা সময়ত মাত্ৰ দুটকাত চাহ দিয়া হব। এই সমগ্ৰ ব্যৱস্থা যদিও মৰিয়নী উন্নয়ন সমিতিৰ উদ্যোগত কৰা হৈছে কিন্তু ইয়াৰ অন্তৰালৰ মানুহজন হৈছে প্ৰাক্তন বিধায়ক তথা সমাজ কৰ্মী আলোক কুমাৰ ঘোষ। মৰিয়নী ষ্টেচন ৰোডত অৱস্থিত এই ‘নমো কেণ্টিন’ৰ দুৱাৰ মুকলিৰ প্ৰাকক্ষণত যোৰহাটৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, অসম ৰাজ্যিক কৃষি বিপনন পৰিষদৰ অধ্যক্ষ পালিত বৰা, যোৰহাট জিলা বিজেপিৰ সভাপতি শান্তনু পূজাৰীকে প্ৰমুখ্যে কৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে। পালিত বৰা আৰু সাংসদ কামাখ্যা তাছাই ফিটা কাটি ৰাইজৰ বাবে “নমো কেণ্টিন”খন আনুষ্ঠানিক ভাৱে মুকলি কৰি দিয়াৰ লগতে সভাত উপস্থিত সকলোৱে ৯ টকীয়া ভাতৰ আমেজ লয়। কেণ্টিনখনত গ্ৰাহক সকলক এসাজ নিৰামিষ ভাত দিয়াৰ বাবদ ১৬ ৰ পৰা ১৭ টকা খৰচ হব যদিও গ্ৰাহকৰ পৰা ৯ টকা হে গ্ৰহণ কৰিব কেণ্টিনখনে আৰু খৰছ হোৱা বাকী টকা প্ৰাক্তন বিধায়ক আলোক ঘোষে বিধায়ক পেঞ্চনৰ ধনেৰে বহন কৰিব বুলি উল্লেখ কৰে। প্ৰাক্তন বিধায়ক গৰাকীয়ে ৰাজ্যখনৰ স্বচ্ছল প্ৰাক্তন বিধায়ক তথা সাংসদক এনে কৰ্মৰ সৈতে জড়িত হবলৈ আহ্বান জনায়। বিধায়কৰ পেঞ্চনৰ ধনেৰে এইদৰে ‘নমো কেণ্টিন’ৰ যোগেদি দৰিদ্ৰ আৰু অভাৱগ্ৰস্ত লোকৰ আহাৰ দিয়াৰ ব্যৱস্থা কৰাটো মৰিয়নীত চৰ্চাৰ বিষয় হৈ পৰিছে।