গোলাঘাটৰ পৰা চেমিম আলী, সংবাদ ৩৬৫, ১৪ এপ্ৰিলঃ নুমলীগড় শোধনাগাৰত শনিবাৰে সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা। শোধনাগাৰৰ মটৰ স্পিৰিট প্ৰকল্পত বিস্ফোৰনৰ ফলত অগ্নিকাণ্ডৰ সুত্ৰপাত হোৱাত এজন কৰ্মচাৰী অগ্নিদগ্ধ হৈ ফলত নিহত হয়। শোধনাগাৰত অগ্নিকাণ্ডৰ খবৰ পাই অগ্নি নিৰ্বাপক বাহিনীৰ কৰ্মচাৰীয়ে জুই নিৰ্বাপনৰ চেষ্টা চলায় থাকোতে অগ্নি নিৰ্বাপক বিভাগৰ সঞ্জয় নেওগ নামৰ কৰ্মচাৰী এজনৰ গাত হঠাৎ জুই লাগি যোৱাত কৰ্মচাৰীজন প্ৰায় ৮০% অগ্নিদগ্ধ হয়৷ অগ্নিদগ্ধ হোৱা লোকজনক বিবেকানন্দ কেন্দ্ৰ এনআৰএল চিকিৎসালয়ত ভৰ্তি কৰা হয় যদি লোকজনৰ মৃত্যু ঘটে। উল্লেখ্য যে ইয়াৰ পূৰ্বেও এনআৰএলত কেইবাবাৰো অগ্নিকাণ্ড সংঘটিত হৈছিল। এনআৰএলৰ একাংশ কাৰিকৰী বিষয়া কৰ্মচাৰীৰ গাফিলতিৰ ফলতে অগ্নিকাণ্ডৰ নিচিনা দুৰ্ঘটনা সঘনাই সংঘটিত হৈ থকাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজ তথা কৰ্মচাৰী সকলে।