নগাঁবৰ পৰা পিংকি শইকীয়া, সংবাদ ৩৬৫, ৮ এপ্ৰিলঃ নগাঁও চহৰত মদ, ভাং, ড্ৰাগছৰ সামন্তৰালকৈ নাৰী দেহৰ ব্যৱসায়ো চলি থকা পৰিলক্ষিত হৈছে। আৰক্ষীয়ে এই মদ, ভাং, ড্ৰাগছৰ লগতে নাৰী দেহ ব্যৱসায়ৰ ঘাটি সমূহৰ বিৰুদ্ধে সময়ে সময়ে অভিযান অব্যাহত ৰাখিছে যদিও সম্পূৰ্ণৰূপে উৎখাত কৰিব পৰা নাই। দেওবাৰে সন্ধিয়া নগাঁও আৰক্ষীয়ে বিশেষ সূত্ৰৰ খবৰৰ ভিত্তিত অভিযান চলাই চহৰখনৰ খুটিকটীয়াৰ বিষ্ণু নগৰৰ এটা ভাড়া ঘৰৰ পৰা নাৰী দেহ ব্যৱসায়ীৰ ঘাটি উৎখাত কৰে। ভাড়াঘৰটোৰ পৰা আৰক্ষীয়ে মৰিগাঁৱ জিলাৰ নাৰায়ণ দাস নামৰ এজন সম্ভ্ৰান্ত ব্যৱসায়ী আৰু চাৰি গৰাকী যযুৱতীক আটক কৰে। আৰক্ষী সূত্ৰটোৱে প্ৰকাশ কৰা মতে, নগাঁও চহৰৰ খুটিকটীয়াৰ বিষ্ণু নগৰৰ মঞ্জু শইকীয়া নামৰ মহিলা এগৰাকীৰ অসম আৰ্হিৰ এটা ঘৰ ভাড়াত লৈ এগৰাকী মহিলাই নাৰী দেহৰ ব্যৱসায় চলাই আহিছিল।বিভিন্ন ঠাইৰ দৰিদ্ৰ পৰিয়ালৰ যুৱতী সকলক প্ৰলোভনৰে মাতি আনি মহিলা গৰাকীয়ে দেহ ব্যৱসায়ত লিপ্ত কৰাইছিল। আৰক্ষীয়ে ভাড়া ঘৰটোৰ পৰা মহিলা গৰাকীৰ লগতে আন তিনি গৰাকী যুৱতী আটক কৰে।