নলবাৰীৰ পৰা কৈলাস ডেকা, সংবাদ ৩৬৫, ১৩ এপ্ৰিলঃ  নলবাৰী চহৰত অৱস্থিত লেব’ৰেটৰীত এটাত এক্সৰে কৰাবলৈ অহা সদ্যবিবাহিতা এগৰাকী মহিলাক কৰ্তব্যৰত পুৰুষ কৰ্মচাৰী এজনে যৌন আতিশায্য চলোৱাক কেন্দ্ৰ কৰি শুক্ৰবাৰে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। জানিব পৰামতে নলবাৰী মৰোৱাৰ এগৰাকী মহিলাই দুৰ্ঘটনাজনিত কাৰণত স্বামীৰ সৈতে নলবাৰী চহৰৰ নলবাৰী হাজো পথত থকা ‘মেডিস্কেন ডায়েগন’ষ্টিক চেন্টাৰ’ নামৰ লেব’ৰেটৰীলৈ আহে। প্ৰাপ্ত অভিযোগমতে মহিলাগৰাকীক এক্সৰে কৰাৰ সময়ত ৰেডিঅ’গ্ৰাফাৰজনে মহিলা গৰাকীৰ স্বামীক কাষত থকাত বাধা প্ৰদান কৰে আৰু এক্সৰে কৰাৰ সময়ত মহিলাগৰাকীৰ গোপন স্থানত হাত দি যৌন নিৰ্যাতন চলাই। প্ৰায় এমাহ পূৰ্বে বিয়া হোৱা মহিলাগৰাকীয়ে এক্সৰে কোঠাৰ পৰা ওলাই আহি এই বিষয়ে স্বামীক অৱগত কৰাই আৰু সন্ধিয়া এক্সৰে ৰিপ’ৰ্ট হাতত লৈ মহিলাগৰাকীয়ে এই সম্পৰ্কত অভিযুক্ত ৰেডিঅ’গ্ৰাফাৰজনৰ পৰা কৈফিয়ৎ বিচাৰে। যুৱকজনে এই অভিযোগ অস্বীকাৰ কৰাত ক্ষুব্ধ মহিলাগৰাকীয়ে ৰেডিঅ’গ্ৰাফাৰজনক এটা গোৰ শোধায়। ইয়াৰ পিছত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ‘মেডিস্কেন ডায়েগন’ষ্টিক চেন্টাৰ’ত। ক্ষুব্ধ মহিলাগৰাকীয়ে চিঞৰি চিঞৰি এক্সৰে কৰাৰ সময়ত কৰ্তব্যৰত যুৱকজনে তেওঁক যৌন আতিশায্য চলোৱা বুলি অভিযোগ কৰাৰ লগতে মহিলাগৰাকীয়ে এই সন্দৰ্ভত নলবাৰী সদৰ থানাত এজাহাৰ দিয়ে।