গুৱাহাটী, সংবাদ ৩৬৫, ১৩ এপ্ৰিলঃ জম্মু কাশ্মীৰত এগৰাকী আঠ বছৰীয়া কিশোৰীক দলবদ্ধ ধর্ষণ কৰি হত্যা কৰা আৰু উত্তৰ প্ৰদেশৰ এগৰাকী বিজেপি বিধায়ক ধৰ্ষণৰ গোচৰত অভিযুক্ত হোৱাৰ পিছতো কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰ সম্পূৰ্ণ নীৰৱ ভূমিকা গ্ৰহণ কৰাৰ অভিযোগত কংগ্ৰেছ দলৰ সভাপতি ৰাহুল গান্ধীৰ নিৰ্দেশ মৰ্মে শুক্ৰবাৰে সন্ধিয়া সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত কংগ্ৰেছ দলে মমবাতি জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে। ধুবুৰী জিলাত প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্য আৰু বিধায়ক ৱাজেদ আলী চৌধুৰীৰ নেতৃত্বত জিলা কংগ্ৰেছে ধুবুৰী জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আজি অনুষ্ঠিত হোৱা যুৱ কংগ্ৰেছৰ যুৱ সমাৰোহৰ পিছত জিলা মমবাতি জ্বলাই এক বৃহৎ প্ৰতিবাদী সমদল উলিয়াই। প্ৰতিবাদী সমদলত প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই বিজেপি চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰি এফালে বেটী বাঁচাও আনফালে বিজেপি বিধায়কৰ জঘন্য কাণ্ডক ধিক্কাৰ দি বিজেপি চৰকাৰ দুমুখীয়া চৰকাৰ আখ্যা দিয়ে। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে নলবাৰীত জিলাতো বিজেপি বিধায়কৰ ধৰ্ষণকাণ্ডৰ বিৰুদ্ধে কংগ্ৰেছ দলে মমবাতি লৈ সমদল উলিয়াই। নলবাৰী জিলা কংগ্ৰেছৰ উদ্যোগত নলবাৰী থানাৰ চকৰ পৰা বড় মহজিদ হৈ কংগ্ৰেছ দলে সমদল উলিয়াই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। প্ৰতিবাদী সমদলত নলবাৰী জিলাৰ বিভিন্ন প্ৰান্তৰ কংগ্ৰেছৰ কৰ্মী উপৰিও যুবনেতা প্ৰদ্যুত ভূঞা অংশগ্ৰহণ কৰে।