গুৱাহাটী, ১ মেঃ নাকৰ স্বীকৃতি নথকা বিশ্ববিদ্যালয়ৰ পিএইচডি নিষিদ্ধ কৰা হ’ব৷ এই ঘোষনা শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ৷ কটন কলেজৰ পৰ্যালোচনা বৈঠকত  শিক্ষামন্ত্ৰী ড০ শৰ্মাই এই তথ্য সদৰি কৰে৷ শিক্ষামন্ত্ৰীগৰাকীয়ে ৩ বছৰে পৰিদৰ্শন নকৰা বিশ্ববিদ্যালয়ৰ পিএইচডি ডিগ্ৰী গ্ৰাহ্য নহ’ব বুলি উল্লেখ কৰে৷ তেওঁ ভুৱা পিএইচডি ডিগ্ৰীধাৰীক কটু সমালোচনা কৰি তেনে শিক্ষকক স্বেচ্ছাই অব্যাহতিৰ পৰামৰ্শ দিয়ে৷ পৰ্যালোচনা সভাত ড০ শৰ্মাই অচিৰে ৰাজ্যত অধ্যক্ষৰ খালী পদসমূহ পূৰণ কৰাৰ কথাও ব্যক্ত কৰে৷ ইয়াৰ লগতে কলেজ শিক্ষকৰ পদসমূহো পূৰণ কৰিবলৈ শিক্ষা বিভাগক নিযুক্তিৰ নিৰ্দেশ দিয়া হৈছে বুলি জানিবলৈ দিয়ে৷ শিক্ষামন্ত্ৰীগৰাকীয়ে লগতে কয় যে প্ৰবক্তা সকলক মেধাৰ ভিত্তিত নিযুক্তি দিয়া হ’ব৷ এই প্ৰবক্তাসকলে ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ লগত জড়িত হ’ব আৰু আনুষ্ঠানিক টিউচন কৰিব নোৱাৰিব৷
অৱশ্যে এজন-দুজন শিক্ষাৰ্থীক প্ৰৱক্তাসকলে শিক্ষাদান কৰিব পাৰিব৷ ইয়াৰ উপৰি শীঘ্ৰে চৰকাৰে পূৰণ কৰিব খালী ২০০ পদ৷  অহা ছেপ্টেম্বৰৰ পৰা নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰা হ’ব আৰু ২০১৮ৰ মাৰ্চলৈ পূৰণৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা হ’ব ৷ তৃতীয়-চতুৰ্থ বৰ্গৰ খালী পদতো শীঘ্ৰে নিযুক্তি দিয়া হ’ব৷ অধ্যক্ষৰ আত্মীয়ই এই পদত আৱেদন কৰিব নোৱাৰিব৷ কোনো অধ্যক্ষৰ আত্মীয় থাকিলেও সেই সাক্ষাৎকাৰত অধ্যক্ষ উপস্থিত থাকিব নোৱাৰিব৷ মহাবিদ্যালয়ত বাহিৰা সাংস্কৃতিক অনুষ্ঠান আয়োজনত শিক্ষামন্ত্ৰীগৰাকীয়ে নিষিদ্ধতা আৰোপ কৰিছে৷ ড০ শৰ্মাই ধুবুৰীৰ বি এন কলেজ, শৰাইঘাট কলেজ, নলবাৰী কমাৰ্চ কলেজ, মাজুলী কলেজ আৰু কৰিমগঞ্জৰ এল চি কলেজলৈ বৃত্তিমূলক পাঠ্যক্ৰমৰ অনুমতিপত্ৰ প্ৰদান কৰিছে৷ এই পাঁচখন কলেজলৈ ২০ লাখকৈ অনুদান দিয়াৰ কথাও ঘোষনা কৰে৷ তেওঁ শিক্ষানুষ্ঠানসমূহত ক্ৰীড়াত গুৰুত্ব দিয়াৰ কথাও ব্যক্ত কৰে৷ খেল-ধেমালি নোহোৱা বাবে ছাত্ৰ-ছাত্ৰী ফেচবুক-টুইটাৰ আদি ছ’চিয়েল মিডিয়াৰ প্ৰতি   আসক্তি বাঢ়িছে বুলি মত প্ৰকাশ কৰে৷ আলোচনী, ক্ৰীড়া আৰু মহাবিদ্যালয় সপ্তাহৰ বাবে স্নাতক ২য় বৰ্ষৰ শিক্ষাৰ্থীয়ে মাচুল দিব লাগিব৷ ১ম বৰ্ষত মাচুল ৰেহাই পোৱাসকলক এটা গছপুলি ৰুই প্ৰতিপালনৰ আহ্বান শিক্ষামন্ত্ৰীৰ৷ পুলিটো বাচি থাকিলেহে তেওঁলোকক পৰৱৰ্তী মাচুল ৰেহাই দিয়া হ’ব৷ ইয়াৰ উপৰি প্ৰতিখন কলেজক এখন গাঁও এদপ্ত কৰাৰ নিদেৰ্শ দি ইয়াৰ বাবে প্ৰতি কলেজলৈ ৫ লাখৰ সাহায্যৰ ঘোষনা কৰে৷ অন্যথা এনে কলেজৰ নতুন পদত নিযুক্তি বন্ধ ৰখাৰ ঘোষনা কৰে৷ লগতে গাঁওখনৰ উন্নয়নৰ ওপৰত  শিক্ষকৰ পদোন্নতি নিৰ্ভৰ কৰিব বুলি উল্লেখ কৰে৷ শিক্ষামন্ত্ৰীয়ে ৱেবছাইট নথকা কলেজত ৱেবছাইট প্ৰস্তুতৰ নিৰ্দেশও দিয়ে৷