যোৰহাট, ১ মেঃ মৃত্যু নিষ্ঠুৰ, অসহনীয় আৰু ই এক বাস্তৱ সত্য৷ মৃত্যুৰ অবিহনে জন্মৰ অৰ্থ গুৰুত্বহীন৷ কিন্তু তাৰ মাজতে কোনো লোকৰ মৃত্যুত সহস্ৰজনৰ জীৱন জৰ্জৰিত কৰি তোলে৷ তেনে এজন ব্যক্তি যোৰহাটৰ পটিয়া গাঁৱৰ কুশকমল দত্ত৷ শিশু অৱস্থাৰে পৰা অভিনয়ৰ লগত জড়িত হৈ যোৰহাটৰ লগতে সমগ্ৰ অসমবাসীৰ হৃদয় জয় কৰিবলৈ সক্ষম হোৱা কুশকমল দত্তই ৩০ মাৰ্চত শেষ নিশ্বাস ত্যাগ কৰে৷ ভাওঁনা মহিয়াল, নাট্য সাব্যসাচী, আদি বহুতো উপাধিৰে প্ৰয়াত দত্ত বিভূষিত হৈছিল৷ ভাওঁনাক প্ৰতিযোগিতালৈ অনা মূল নায়ক দত্তই অসমীয়া কৃষ্টি-সংস্কৃতি ভাওঁনাক অসমৰ বাহিৰতো প্ৰচাৰ কৰিছিল৷ প্ৰয়াত কুশকমল দত্তৰ সোঁৱৰণত ১ মে’ৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে এক স্মৃতিচাৰণ অনুষ্ঠানৰ আয়োজন কৰা হৈছে৷ অনুষ্ঠানত অসমৰ আগশাৰী কেইবাটাও ভাওঁনা দলে প্ৰদৰ্শন কৰিব৷ আজি প্ৰথম কাৰ্যসূচীত এক আধ্যাত্মিক ভাৱাপন্ন শোভাযাত্ৰা উলিওৱা হয়৷