তামুলপুৰ, সংবাদ ৩৬৫, ১৪ ফেব্ৰুৱাৰী: তামুলপুৰ মহাকুমাৰ নাগ্ৰীজুলি উন্নয়ন খণ্ডৰ অধীনত নতুনকৈ গঠন কৰা টি চি এল চি চি ৰ নতুন সমিতি খনে বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে দায়িত্বভাৰ গ্ৰহণ কৰে। দিনৰ ১২-০০ বজাত নাগ্ৰীজুলি ব্লক বি পি এফৰ কাৰ্যালয়ত নাগ্ৰীজুলি ব্লক বি পি এফৰ সভাপতি খেম বাহাদুৰ থাপাৰ সঞ্চালনাত অনুষ্ঠিত বি পি এফৰ দলীয় সভাত তামুলপুৰ বিধান সভা সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ ক্ষুদ্ৰ উদ্যোগ বিভাগৰ অধ্যক্ষ ইমানুৱেল মুছাহাৰীৰ উপস্থিতিত বি টি চিৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ দ্বাৰা অনুমোদিত কৃষ্ণ টিকাদাৰক অধ্যক্ষ আৰু নাগ্ৰীজুলি উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া গৰাকীক সদস্য সচিব হিচাবে লৈ গঠন কৰা ১৫ জনীয়া টি চি এল চি চিৰ নতুন সমিতিখনে বৃহস্পতিবাৰৰ দিনটোত দায়িত্বভাৰ গ্ৰহণ কৰে। নাগ্ৰীজুলি ব্লক বি পি এফৰ সম্পাদক দিলীপ দাসে আঁত ধৰা সভাখনত যুৱ বি পি এফৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক সোমনাথ বসুমতাৰী, যুৱ বি পি এফৰ সাংগঠনিক সম্পাদক খগেন দাস, তামুলপুৰ জিলা বি পি এফৰ সভাপতি উপেন বসুমতাৰী, বিপিএফৰ তামুলপুৰ জিলা সংখ্যালঘু কোষৰ সভাপতি আলাউদ্দীন আহমেদ, নাগ্ৰীজুলি ভিচিডিচিৰ অধ্যক্ষ প্ৰদীপ চৰকাৰ সহ ভালে সংখ্যক নেতা-কৰ্মী উপস্থিত থাকে। সভাত উপস্থিত থাকি বিধায়ক ইমানুৱেল মোছাহাৰীয়ে তামুলপুৰ বিধানসভা সমষ্টিৰ উন্নয়নৰ খতিয়ান দাঙি ধৰাৰ উপৰিও নতুনকৈ গ্ৰহণ কৰা বিভিন্ন উন্নয়নমূলক আঁচনি সমূহৰ বিষয়ে বিতংকৈ বাখ্যা কৰে।