তামুলপুৰ, সংবাদ ৩৬৫, ১৪ ফেব্ৰুৱাৰী: ২০১৬ চনত ৰাজ্য চৰকাৰে মাননীয় মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ জৰিয়তে ক্ৰীড়া মীন কৃষিকে ধৰি ৬ টা বিভাগৰ সামগ্ৰিক উন্নয়নত গুৰুত্ব দি সৰ্বানন্দ সোনোৱালে এক সপোন দেখিছিল ৷ এই সপোন এতিয়া বাস্তবায়িত হবলৈ গৈ আছে ৷ ৰাজ্য চৰকাৰখনে পোন প্ৰথমে কৃষি বিভাগৰ জৰিয়তে গাঁৱৰ কৃষক সকলক মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য যোজনাৰ অধীনত প্ৰতিখন ৰাজহ গাঁৱক সামৰি একোখন টেক্টৰ বিতৰন কৰাৰ দিহা কৰে ৷ ক্ৰীড়াৰ ক্ষেত্ৰতো মুখ্যমন্ত্ৰী গৰাকীয়ে গ্ৰাম্যঞ্চলৰ যুবক যুবতী সকলৰ শাৰিৰীক মানসিক বিকাশৰ লক্ষ্যৰে এই আঁচনি হাতত লৈ অসমৰ প্ৰতিটো বিধান সভা সমষ্টিত খেলপথাৰ উন্নয়নৰ বাবে ধন আবন্টন দিছে ৷ তামুলপুৰ বিধান সভা সমষ্টিত এই আচনিৰ অধীনত তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় উলুবাৰী উচ্চ মাধ্যমিক বিদ্যালয় উপৰখুটী উচ্চ মাধ্যমিক বিদ্যালয় অহিয়াবাৰী উচ্চ মাধ্যমিক বিদ্যালয় আৰু নাগ্ৰীজুলিৰ খাটৰবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰ উন্নয়নৰ কাম হাতত লোৱা হৈছে ৷ তদুপলক্ষে বৃহস্পতিবাৰে ৰাতিপুৱা দহ বজাত অহিয়াবাৰী উচ্চ মাধ্যমিক বিদ্যালয়তো খেল পথাৰত এই আঁচনিৰ শুভ উদ্বোধন কৰা হয় ৷ ফিটা কাটি শুভ উদ্বোধন কৰে তামুলপুৰ বিধান সভা সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ ক্ষুদ্ৰ উদ্যোগ উন্নয়ন নিগমৰ অধ্যক্ষ ইমানুৱেল মুছাহাৰীয়ে। অনুষ্ঠানত বাক্সা জিলা ক্ৰীড়া বিষয়া অনিল বসুমতাৰী মহকুমা ক্ৰীড়া বিষয়া দেবাংগ মহিলাৰী উপস্থিত আছিল ৷ বাক্সা জিলা ক্ৰীড়া বিষয়া অনিল বসুমতাৰীয়ে জনোৱা মতে জিলাখনৰ তামুলপুৰ সমষ্টিত ৫ খন বৰমা সমষ্টিত ৪ খন চাপাগুৰি সমষ্টিত ৪ খন বি টি চিৰ অন্তৰ্ভুক্ত বৰপেটা জিলাৰ সৰভোগ আৰু বৰপেটাত এখনকৈ শিক্ষানুষ্ঠান এই আঁচনিৰ অন্তৰ্ভুক্ত হৈছে ৷ প্ৰতি খন আঁচনিৰ বাবে ২০১৭-২০১৮ বিত্তীয় বৰ্ষত ২০ লাখকৈ টকা আবন্টন দিছে ৰাজ্য চৰকাৰে ৷ আনহাতে আজি একে আঁচনিৰ অধীনত নাগ্ৰীজুলিস্থিত খাটৰবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰ উন্নয়ন আঁচনি খনৰ এক মাংগলিক পৰিবেশত শুভাৰম্ভ কৰে তামুলপুৰ বিধান সভা সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ ক্ষুদ্ৰ উদ্যোগ উন্নয়ন বিভাগৰ আধ্যক্ষ ইমানুৱেল মুছাহাৰীয়ে। বৃহস্পতিবাৰে এই আঁচনি মুকলি অনুষ্ঠানত খাটৰবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰী, যুৱ বি পি এফৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক সোমনাথ বসুমতাৰী, যুৱ বি পি এফৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক খগেন দাস, তামুলপুৰ জিলা বি পি এফ ৰ সভাপতি উপেন বসুমতাৰী, যুৱ বি পি এফৰ সভাপতি মৃদুল নাৰ্জাৰী তামুলপুৰ জিলা বি পি এফৰ সংখ্যালঘু কোষৰ সভাপতি আলাউদ্দীন আহমেদ, নাগ্ৰীজুলি ব্লক বি পি এফৰ সভাপতি খেম থাপা, সম্পাদক দিলীপ দাস, নাগ্ৰীজুলি ভিচিডিচিৰ অধ্যক্ষ প্ৰদীপ চৰকাৰ, বিপিএফ ৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য লক্ষ্মীধৰ তাঁতী সহ ভালে সংখ্যক নেতা কৰ্মী উপস্থিত থাকে। আঁচনিখন মুকলি কৰি ইমানুৱেল মোছাহাৰীয়ে কয় যে খেলা-ধূলা শিক্ষাৰ এক অবিচ্ছেদ্য অংগ। শিক্ষাৰ উন্নয়ৰ বাবে ছাত্ৰ-ছাত্ৰীৰ শাৰীৰিক আৰু মানসিক বিকাশ সাধনৰ দৰকাৰ আৰু খেলা-ধূলাৰ জৰিয়তে ছাত্ৰ-ছাত্ৰী সকলৰ শাৰীৰিক আৰু মানসিক বিকাশ সম্ভৱ হয় বুলিও আঁচনিখন মুকলি কৰি ইমানুৱেল মোছাহাৰীয়ে মন্তব্য কৰে । আন হাতে আজি বি টি চি ক্ৰীড়া আৰু যুৱ কল্যান বিভাগৰ জৰিয়তেও গয়বাৰী পৰিষদীয় সমষ্টিৰ বৰবেলবাৰী উচ্চ মাধ্যমিক বিদ্যালয় আৰু ৰামেচুবুৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰ উন্নয়নৰ নামত আবন্টিত ধনেৰে দুয়োখন আঁচনি ৰ নিৰ্মাণৰ কাম পৃথকে পৃথকে শুভাৰম্ভ কৰে বি টি চিৰ হস্ততাঁত বস্ত্ৰশিল্প আৰু ৰেচম বিভাগৰ কাৰ্যবাহী সদস্য দেবেন বড়োৱে ৷