নাৰায়ণপুৰ, সংবাদ ৩৬৫, ১৩ নৱেম্বৰ: ৰাজ্যত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীৰ প্ৰতিবাদ অব্যাহত থকাৰ সময়তে সোমবাৰে নাৰায়ণপুৰত কৃষক মুক্তি সংগ্ৰাম সমিতিকে ধৰি ৭০ টা জাতীয়-জনগোষ্ঠীয় সংঠনে দিছপুৰৰ অভিমুখে সংকল্প যাত্রা আৰম্ভ কৰে। শদিয়া,ধুবুৰীৰ সমান্তৰালকৈ জোনাইৰ পৰা বাহিৰ হোৱা সংকল্প যাত্ৰাৰ সমদল সোমবাৰে সন্ধিয়া নাৰায়ণপুৰত উপস্থিত হোৱাৰ পাছত দলটোক নাৰায়ণপুৰৰ দল – সংগঠনৰ লগতে নাৰায়ণপুৰ ৰাইজে আদৰণি জনায় আৰু নাৰায়ণপুৰত সোমবাৰ নিশাটো জিৰণি লয়। মঙ্গলবাৰে পুনৰ নাৰায়ণপুৰৰ পৰা বিশ্বনাথ চাৰিআলি অভিমুখে যাত্রা সমদলটোৰ। প্ৰতিবাদকাৰীসকলে হাতে হাতে নিজ নিজ সংগঠনৰ পতাকা, প্লে কাৰ্ড আদি লৈ নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক, আমাৰ দাবী মানিবই লাগিব আদি চৰকাৰ বিৰোধী ধ্বনিৰে আকাশ-বতাহ কঁপাই তোলে ৷ নাৰায়ণপুৰৰ পৰা বিশ্বনাথ চাৰিআলি অভিমুখে ৰাওনা হোৱা সমদলটোৰ নেতৃত্ব প্ৰদান কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা বেদান্ত লস্কৰ,যুৱ-ছাত্র পৰিষদৰ উপ-সভাপতি হেমচন্দ্ৰ গোস্বামীয়ে ৷
