ডিগবৈৰ পৰা বিজয় সূত্ৰধৰ, সংবাদ ৩৬৫, ১৩ নৱেম্বৰ: নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিল আৰু আলোচনাপন্থী আলফা নেতা জিতেন দত্ত- মৃণাল হাজৰিকাৰ মুক্তিৰ দাবীত মঙ্গলবাৰে ডিগবৈত বিভিন্ন দল সংগঠন একত্ৰিত হৈ এক বিশাল প্ৰতিবাদী সমদল ৰূপায়ন কৰে। প্ৰতিবাদকাৰী সকলে চৰকাৰ বিৰোধী বিভিন্ন শ্লোগানেৰে ডিগবৈৰ ৰাজপথ উত্তাল কৰি তোলে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল, শিলাদিত্য দেৱ, প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পুতলিকা দাহ কৰি ডিগবৈৰ চাৰিআলিৰ ৩৮নং ৰাষ্ট্ৰীয় ঘাইপথচোৱা অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।