পলাশবাৰী, সংবাদ ৩৬৫, ১৩ নৱেম্বৰ: বিধায়ক অতুল বৰাৰ পিছত এইবাৰ নাগৰিকত্ব সংশোধনী বিধেয়কৰ তীব্ৰ বিৰোধীতা কৰে পলাশবাৰী সমষ্টিৰ বিজেপি বিধায়ক প্ৰনৱ কলিতাই। বিধায়ক কলিতাই কোনো কাৰণতে সমৰ্থন নকৰে নাগৰিকত্ব সংশোধনী বিধেয়কৰ। মঙ্গলবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ লগতে ২৮টা দল- সংগঠনৰ সিদ্ধান্তত কামৰূপ জিলা ছাত্ৰ সন্থাৰ নেতৃত্বত অহা এটা দলে নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত বিধায়ক প্ৰনৱ কলিতাক সাক্ষাৎ কৰিব অহাত প্ৰণৱ কলিতাই তেওঁৰ মতপ্ৰকাশ কৰি কয় যে “এই বিধেয়কখন হৈছে এক জাতি ধব্বংসী বিল। জাতি মাতি ৰক্ষাৰ স্বাৰ্থত এই বিলখনৰ বিৰোধীতা কৰাতো অতি প্ৰয়োজন । দলৰ অনুশাসন মানি চলাতো সকলোৰে নীতি-নিয়মত পৰে কিন্তু জাতি মাটি ভেটি ৰক্ষাৰ স্বাৰ্থত নাগৰিকত্ব সংশোধনী বিধেয়ক বিল কোনো কাৰণতে গ্ৰহনযোগ্য নহয়। নিজ দলৰে বিধায়কে নাগৰিকত্ব সংশোধনী বিলৰ তীব্ৰ বিৰোধীতা কৰা কাৰ্যই চৰকাৰ খনৰ মাজত যে কোনো ধৰনৰ অনুশাসন নাই সেয়া স্পষ্ট হৈ পৰিছে। জাতি ধৰ্মক লৈ ৰাজনীতি নকৰিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনায় আছুৰ নেতৃবৰ্গই । নাগৰিকত্ব সংশোধনী বিধেয়ক যিকোনো ত্যাগৰ বিনিময়ত গ্ৰহন কৰিবলৈ দিয়া নহ’ব বুলি ৰাজ্য চৰকাৰক সকীয়াই দিয়ে আছুৰ নেতৃবৰ্গই। নাগৰিকত্ব সংশোধনী বিধেয়ক বিল বিৰোধীতা কৰাত বিধায়ক প্ৰনৱ কলিতাক ধন্যবাদ দিয়ে ছাত্ৰ সন্থাৰ লগতে ২৮ টা দল সংগঠনৰ নেতৃত্বত অহা দলটোৱে ।