নাজিৰা, সংবাদ ৩৬৫, ১১ এপ্ৰিলঃ অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত বিভিন্ন মহাবিদ্যালয়ৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰ ছাত্ৰী সকলে নাজিৰাৰ ৰহদৈপুখুৰীস্থিত কৃষি বিজ্ঞান কেন্দ্ৰ শিৱসাগৰৰ জৰিয়তে ৰূপায়িত গ্ৰাম্য কৃষি কৰ্ম অভিজ্ঞতা আঁচনিৰ অংশ হিচাপে মঙলবাৰে নাজিৰাৰ বাউলীমৈদাম উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত এখনি কৃষি প্ৰদৰ্শনী অনুষ্ঠিত কৰে। প্ৰদৰ্শনীখন উদ্ধোধন কৰে অসম কৃষি বিশ্ববিদ্যালয়ৰ বিজ্ঞান গুৰু ডঃ দীপ্তি কুমাৰ বৰাই। উক্ত অনুষ্ঠানটোত অসম কৃষি বিশ্ববিদ্যালয়ৰ বিজ্ঞান গুৰু ডঃ দীপ্তি কুমাৰ বৰা, কৃষি বিজ্ঞান কেন্দ্ৰৰ জেষ্ঠ্য বিজ্ঞানী ডঃ ফুলেশ্বৰ নাথ, বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডঃ কেশৱ চন্দ্ৰ পূজাৰীৰ লগতে কেইবাজনো অধ্যাপক তথা উচ্চ পদস্থ কৃষি বিষয়া আৰু অঞ্চলটোৰ কৃষক ৰাইজ তথা ছাত্ৰ ছাত্ৰী সকল উপস্থিত থাকে। প্ৰদৰ্শনীখনত কৃষি খণ্ডৰ বিভিন্ন বিভাগসমূহৰ প্ৰদৰ্শন কৰাৰ লগতে সমন্বিত কৃষি পদ্ধতিৰ এটি আৰ্হিৰ প্ৰদৰ্শন কৰা হয়। কৃষি বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলৰ উদ্যোগত বাউলীমৈদাম উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ মাজত এটি বিজ্ঞান আৰ্হিৰ প্ৰতিযোগিতাও অনুস্থিত কৰা হয়। এই প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰা প্ৰতিযোগী সকলক নাজিৰাৰ আৰিজান ইনষ্টিটিউতত ৩ মাহৰ এক বিনামূলীয়া কম্পিউটাৰ পাঠ্যক্ৰম প্ৰদান কৰা হব। প্ৰদৰ্শনিখনত শিমলুগুৰিৰ আনন্দ নাৰ্চাৰী আৰু সুন্দৰ পুখুৰীৰ কনকলতা আত্ম সহায়ক গোটেও অংশ গ্ৰহন কৰে। প্ৰদৰ্শনীখনত ৰাইজৰ বিপুল সমাগমে ছাত্ৰ ছাত্ৰী সকলক উৎসাহিত কৰে আৰু প্ৰদৰ্শনীখনৰ সফলতা ৰূপায়ণত অৰিহণা যোগায়।