ধুবুৰী, সংবাদ ৩৬৫, ১১ এপ্ৰিলঃ ৰাজ্যত ৰাষ্ট্রীয় নাগৰিক পঞ্জী উন্নীতকৰণৰ কাম পূৰ্ণ গতিত চলি থকা সময়তে এনআৰচি’ৰ বাবে প্ৰয়োজনীয় নথি পত্ৰ নথকাৰ বাবে ভীতিগ্ৰস্থ হৈছে বহু পৰিয়াল। ইতিমধ্যে এনআৰচি’ৰ বাবে প্ৰয়োজনীয় নথি পত্ৰ নথকাত ৰাজ্যৰ বিভিন্ন প্ৰান্তত কেইবাজনো লোক আত্মহত্যাৰ পথ বাছি লৈছে। এইবাৰ ধুবুৰী চহৰত এগৰাকী মহিলাৰ আত্মহত্যাৰ বাতৰিয়ে চাঞ্চলৰ সৃষ্টি কৰিছে সমগ্ৰ জিলাখনত। ধুবুৰী চহৰৰ বিদ্যাপাৰা অঞ্চলৰ খাইৰুল আলম সেখৰ পত্নী সাহিমুন বিবি নামৰ প্ৰায় চল্লিশ বছৰীয়া মহিলা গৰাকীয়ে নিজৰ লিগেচী ডাটা নোপোৱাৰ বাবে বিগত কিছুদিনৰ পৰা মানসিক ভাৰসাম্য হেৰুৱাই পেলাইছিল। বুধবাৰে পুৱাৰ ভাগত মহিলা গৰাকীয়ে ঘৰৰ ভিতৰতে আত্মহত্যা কৰে বুলি উল্লেখ কৰে স্বামী খাইৰুল আলমে। মহিলা গৰাকীয়ে লিগেচি ডাটা নোপোৱাৰ বাবে আত্মহত্যা কৰাৰ পিছতেই বিজেপি চৰকাৰৰ ওপৰত ক্ষোভিত হৈ পৰে আত্মীয় আৰু এটা পৰিয়ালৰ লোক।
উল্লেখ্য যে, বহু বছৰ পূৰ্বে মহিলা গৰাকীৰ পিতৃ হাকিম সেখে বিহাৰৰ পৰা আহি ধুবুৰীত বসতি স্থাপন কৰিছিল। হাকিম সেখৰ ৬ গৰাকীকৈ সন্তানৰ ধুবুৰী জিলাতে বসবাস কৰি আছে যদিও পৰিয়ালটোৰ এনআৰচি’ৰ বাবে অসমত কোনো ধৰণৰ নথিপত্ৰ নথকাত এনআৰচি’ত জমা দিয়াৰ বাবে প্ৰয়োজনীয় লিগেচী ডাটাৰ অথবা নথিপত্ৰ বাবে পৰিয়ালটো বিহাৰলৈ যায় যদিওঁ বিহাৰত কোনো ধৰণৰ নথিপত্ৰ সংগ্ৰহ কৰিবলৈ সক্ষম নহয়। এনআৰচি’ৰ বাবে কোনো ধৰণৰ নথিপত্ৰ নথকাৰ ফলত সাইমন বিবিয়ে আত্মহত্যা কৰাৰ বিপৰীতে লিগেচী ডাটাৰ বাবে আতংকত ভুগিছে হাকিম সেখৰ আন পাঁচ গৰাকী সন্তান। বৰ্তমান ঘটনাস্থলীত ধুবুৰী আৰক্ষীয়ে উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।