গুৱাহাটী, সংবাদ ৩৬৫, ২৩ এপ্ৰিল : লোকসভা নিৰ্বাচনত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিলে ৰাজ্যৰ তৃতীয় লিংগৰ লোকসকলে । মহানগৰীৰ পাণ্ডুৰ হিন্দী বিদ্যামন্দিৰ স্কুল ভোট কেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত বিধান বৰুৱাৰ।

উল্লেখযোগ্য যে তৃতীয় লিংগৰ লোকসকলে ভোট বৰ্জনৰ এক সিদ্ধান্ত লৈছিল কোনো এখন চৰকাৰ তেওঁলোকৰ সৈতে নথকাৰ বাবে।

ভোটদান সাব্যস্ত কৰি উঠি বিধান বৰুৱাৰ মন্তব্য – “ভোট এনেকুৱা এটা বুটামত দিয়া হৈছে যিটো কোনো পাৰ্টিৰ সপক্ষে নহয় ।” বৰুৱাই কয় ” যিহেতু কোনো চৰকাৰ আমাৰ লগত নাই সেইবাবে আমি ভোট বর্জনৰ সিদ্ধান্ত লৈছিলোঁ কিন্তু ভোটতো যাতে অথলে নাযায় , আমিও নাগৰিক হিচাপে থাকিব পাৰোঁ সেইবাবে ভোট প্ৰদান কৰিলোঁ ।

ইফালে ভোট কেন্দ্ৰটোত তৃতীয় লিংগৰ লোকসকলৰ বাবে নাছিল কোনো পৃথক শাৰী। সেইবাবে বিধান বৰুৱাই নিৰ্বাচন আয়োগক বিষয়টোৰ বিষয়ে অৱগত কৰে। পাছত নিৰ্বাচন আয়োগে জিলা উপায়ুক্তক তৃতীয় লিংগৰ বাবে পৃথকে শাৰী কৰাৰ বাবে নিৰ্দেশ দিয়ে ।