পশ্চিম গুৱাহাটী, সংবাদ ৩৬৫, ২৩ এপ্ৰিল : কামৰূপ মহানগৰ নিৰ্বাচনী জিলাৰ অন্তৰ্গত ৭ নং গুৱাহাটী লোকসভা সমষ্টিৰ তথা ৫৪ নং পশ্চিম গুৱাহাটী বিধান সভা সমষ্টিৰ অন্তৰ্গত ন বেলগুৰী নিম্ন প্ৰাথমিক বিদ্যালয় ভোট কেন্দ্ৰত বিসংগতি । যান্ত্ৰিক বিজুতিৰ বাবে ৩ বাৰকৈ ই ভি এমৰ সাল-সলনি । ভোট দিবলৈ বুতাম টিপিলে নোলায় শব্দ, নজ্বলে লাইট ।

ইফালে উক্ত কেন্দ্ৰটোৰ বাবে থাকিবলগীয়া নিম্নতম সা-সুবিধাৰ বিপৰীতে শাৰীৰিকভাৱে সক্ষম ব্যক্তিও ভোট দিবলৈ আহি ব্যাপক অসুবিধাৰ সন্মুখীন হ’বলগীয়া হোৱাত তীব্ৰ অসন্তুষ্টি ভোটাৰৰ মাজত ।

এফালে প্ৰথম বাৰৰ বাবে ভোটদান সাব্যস্ত কৰিব আহি একাংশ যুৱতীৰ বিষ্ফোৰক মন্তব্য ” ফাৰ্ষ্ট এণ্ড লাষ্ট ভোট আমাৰ ।”

প্ৰায় ২৫০০ ভোটাৰ থকা কেন্দ্ৰটোত ব্যাপক খেলি-মেলিৰে ভোটাৰ সকলে ভোটদান সাব্যস্ত কৰে যদিও বিভাগীয় কৰ্তৃপক্ষৰ গুৰুত্বহীনতাৰ প্ৰতি সকলো ভোটাৰে একেমুখে ধিক্কাৰ দিছে ।