মুম্বাই, ২২ মেঃৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে নাৰীজানিত অপৰাধৰ ঘটনা। যৌতুকৰ বাবে হত্যা পৰা আৰম্ভ কৰি ধৰ্ষণ, ৰাজপথত শাৰীৰিক তথা মানসিক নিৰ্যাতন, দেহ ব্যৱসায়ত নিয়োগ বাবে বহিৰাজ্যলৈ সৰবৰাহ ৰাজ্যখনত প্ৰায়ে দেখিবলৈ পোৱা যায়। কিন্তু এইবাৰ পোহৰলৈ আহিছে এজন যুৱকৰ এক ঘৃণনীয় চৰিত্ৰ। বিবাহৰ পিছত নিজ পত্নী আৰু খুলখালিয়েকক ফুৰাবলৈ নি পাতিতালত দুয়োকে বিক্ৰী কৰিলে অসমৰ এই যুৱকজনে। মুম্বাইৰ এক পাতিতালয়ত অভিযান চলাই মুম্বাই আৰক্ষীয়ে চাৰিমাহ পূৰ্বে উদ্ধাৰ কৰিছিল অসমৰ দুগৰাকী মহিলাৰ সৈতে এগৰাকী যুৱতী। মুম্বাই আৰক্ষীয়ে অসমৰ লাইফ নামৰ বেচৰকাৰী সন্থাৰ লগত যোগাযোগ কৰি মুম্বাই আৰক্ষীৰ এক মহিলা দলে অসমলৈ ঘূৰাই অনাৰ পিছতে সমগ্ৰহ ঘটনা পোহৰলৈ আহে। বিবাহৰ কেইদিনমান পিছতে কামৰূপ জিলাৰ বাকোৰ এজন যুৱকে নিজ পত্নী আৰু খুলখালিয়েকক মায়া নগৰী মুম্বাই ফুৰাবলৈ নি তাত এক পাতিতালয়ত দুয়োকে বিক্ৰী কৰে। পাতিতালয়ৰ পৰা চাৰিমাহ পূৰ্বে মুম্বাই আৰক্ষীয়ে দুয়োকে উদ্ধাৰ কৰে। মুম্বাই আৰক্ষীয়ে এই দুগৰাকী লগতে অসমৰ আৰু এগৰাকী মাহিলাকো উদ্ধাৰ কৰি অসমলৈ লৈ আহে। পাতিতালয়ত উদ্ধাৰ হোৱা তিনিওগৰাকী কামৰূপ জিলাৰ বাকোৰ বাসিন্দা। বৰ্তমান উদ্ধাৰ হোৱা দুইমহিলা আৰু কিশোৰীগৰাকীক লাইফ নামৰ বেচৰকাৰী সন্থাত ৰখা হৈছে।