মাজুলী, ২৭ মেঃ মাজুলীৰ গ্ৰামাঞ্চলৰ জনসাধাৰণৰ মাজত বিনামূলীয়া চিকিৎসা সেৱা আগবঢ়োৱাৰ কাৰণে নতুনকৈ মুকলি কৰা ভ্ৰাম্যমান চিকিৎসা গোটৰ এটা শিবিৰ উপায়ুক্তই পৰিদৰ্শন কৰে৷ জিলাখনৰ ভিতৰুৱা অঞ্চল ৰঙাচাহী গাঁও পঞ্চায়তৰ অন্তৰ্গত অভয়াপুৰী গাৱত ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন অসমৰ অধীনস্থ ভ্ৰাম্যমান চিকিৎসা গোট এটাই গাওঁবাসীৰ মাজত আগবঢ়োৱা চিকিৎসা সেৱাৰ বুজ লয়৷ আকস্মিক ভাবে শিবিৰটোত উপস্থিত হৈ উপায়ুক্তই চিকিৎসক, নাৰ্চ, ফাৰ্মাচিষ্ট, লেবৰেটৰী, টেকনিছিয়ান লগত কথা পতাৰ লগতে গাঁওবাসীৰ পৰা তেওঁলোকে লাভ কৰা চিকিৎসা সেৱাৰ বুজ লয়৷ এই ভ্ৰাম্যমান চিকিৎসা গোটৰ সেৱা পৰিদৰ্শনৰ পূৰ্বে উপায়ুক্তই ২ নং মাজৰ দেউৰী বালিকা প্ৰাথমিক বিদ্যালয়ত উপস্থিত হৈ বিদ্যালয়খনৰ জৰাজীৰ্ণ পাঠদান গৃহ পৰিদৰ্শন কৰে৷ বিদ্যালয়খনৰ ক্ষেত্ৰত উপায়ুক্তই প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ প্ৰতিশ্ৰুতি দিয়ে৷ উপায়ুক্তৰ লগত দেউৰী স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য মাধৱ দেউৰীয়ে বিদ্যালয়খন পৰিদৰ্শন কৰে