জলেশ্বৰ, সংবাদ ৩৬৫, ৫ জুলাইঃ বছৰৰ প্ৰথমটো বানতেই গঢ়াখহনীয়া কালৰূপ ধাৰণ কৰিছে গোৱালপাৰা জিলৰ জলেশ্বৰত। খহনীয়াৰ তাণ্ডৱত ইতিমধ্যে জলেশ্বৰত বহু কেইটা পৰিয়ালৰ মাটি-ঘৰ ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হোৱাৰ উপৰিও হেক্টৰে হেক্টৰে কৃষি ভূমি লুইতত বিলীন হ’বলৈ ধৰিছে। খহনীয়াৰ তাণ্ডৱত আতংকিত হৈ পৰিছে জলেশ্বৰ অঞ্চলৰ নৈ পৰিয়া ৰাইজ। গঢ়াখহনীয়াই সংহাৰী ৰূপ ধাৰণ কৰিছে জলেশ্বৰ বজাৰৰ পৰা ফেৰি ঘাটলৈ যোৱা প্ৰতিৰোধক বান্ধটোত। দিনে নিশাই সঘনাই লুইতৰ বুকুত বিলীন হ’ব ধৰিছে কোটি টকীয়া বান্ধটো ফলত আতংকিত হৈ পৰিছে বৃহত্তৰ জলেশ্বৰবাসী ৰাইজ। জলেশ্বৰ বাসীৰ ৰক্ষা কৱচ স্বৰূপ এই বান্ধটো উটি গলে পলকতে নিশ্চিহ্ন হ’ব ঐতিহাসিক জলেশ্বৰ বজাৰকে ধৰি অঞ্চলটোৰ কেইবাখনো অনুষ্ঠান-প্ৰতিষ্ঠান। সম্প্ৰতি জলেশ্বৰ আৰক্ষী চকী, জলেশ্বৰ প্ৰতিপোষক স্বাস্থ্য কেন্দ্ৰ, বেংক, ডাকঘৰ, শিক্ষা প্ৰতিষ্ঠান সমূহলৈ খহনীয়াই তীব্ৰ ভাবুকী কঢ়িয়াই আনিছে। আনফালে এই প্ৰবল খহনীয়া অব্যাহত থকাৰ সময়তে নাভূত-নাশ্ৰুত কাণ্ড সংঘটিত কৰিছে গোৱালপাৰা জলসম্পদ সংমণ্ডলে। একাংশ ঠিকাদাৰৰে মিতৰালি কৰি লাখ লাখ টকা আত্মসাৎ কৰাৰ ফন্দি ৰচাৰ অভিযোগ উত্থাপিত হৈছে বিভাগটোৰ দূৰ্নীতিগ্ৰস্ত কিছুমান বিষয়ৰ বিৰুদ্ধে। উত্থাপিত অভিযোগ মতে জলেশ্বৰ বজাৰৰ পৰা ফেৰি ঘাটলৈ থকা প্ৰতিৰোধক বান্ধটোত মাত্র কেইটান ঠাল-ঠেঙুলি পেলাই লাখ লাখ টকাৰ বিল বনোৱাৰ ফন্দিত লিপ্ত হৈছে গোৱালপাৰা জিলা জলসম্পদ সংমণ্ডলে। গোৱালপাৰা জিলা জলসম্পদ সংমণ্ডলৰ এনে কাৰ্যই সৰ্বত্র প্ৰতিক্ৰিয়াৰ কৰিছে। অতিশীঘ্ৰেই খহনীয়াগ্ৰস্ত এলেকাত স্থায়ী প্ৰতিৰোধৰ দাবী জনাইছে অঞ্চলবাসী ৰাইজে।
![](https://sangbad365.com/wp-content/uploads/2018/07/IMG-20180705-WA0098.jpg)