কলগাছিয়াৰ পৰা স্বফিকুল হাছান, সংবাদ ৩৬৫, ৫ জুলাইঃ বানপানীৰ সমান্তৰালভাৱে ৰাজ্যৰ অন্যান্য প্ৰান্তৰ দৰে বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত তথা বাঘবৰ সমষ্টিৰ মইনবড়ী অঞ্চলত মানাহ নদীৰ গঢ়াখহনীয়াই কালৰূপ ধাৰণ কৰিছে। যোৱা এটা সপ্তাহৰ ভিতৰত মইনবড়ী অঞ্চলত মানাহ নদীৰ গঢ়াখহনীয়াই বিঘাই বিঘাই ধাননি পথাৰৰ লগতে কেইবাটাও পৰিয়ালৰ মাটি-ঘৰ খহাই নিয়াত মুক্ত আকাশৰ তলত জীৱন অতিবাহিত কৰিবলৈ বাধ্য হৈছে পৰিয়াল কেইটা। যোৱা বছৰো এই অঞ্চলত মানাহ নদীৰ বানপানী আৰু গঢ়াখহনীয়াই অৰ্ধশতাধিক পৰিয়ালৰ মাটি-ঘৰ উটুৱাই নিছিল। অঞ্চলটোত বিগত কেইবা বছৰ ধৰি গঢ়াখহনীয়াই তাণ্ডৱ চলাই থকাৰ পিছতো চৰকাৰ আৰু স্থানীয় বিধায়ক শ্বেৰমান আলী আহমেদে গঢ়াখহনীয়া প্ৰতিৰোধৰ বাবে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈ আছে। এফালে গঢ়াখহনীয়াই কিছমত মইনবড়ী আৰু ঢাকালীয়াপাৰাৰ অৰ্ধশতাধিক পৰিয়াল লৈ ভাবুকি কঢ়িয়াই আনিছে আনফালে বেকী নদীৰ পানী বিগত কিছুদিনৰ তুলনাত কমিছে যদিও কলগাছিয়াৰ কামাৰপাৰা, বৰডাংগা, সুঁতিৰপথাৰ, কৰাৰকুৰকে ধৰি কেইবাটাও অঞ্চলত বানপানীৰ পৰিস্থিতি অপৰিবৰ্তিত হৈ আছে।