কলগাছিয়াৰ পৰা স্বফিকুল হাছান, সংবাদ ৩৬৫, ৫ জুলাইঃ বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত দেওকুৰা গাঁৱত বৃহস্পতিবাৰে দুপৰীয়া এক ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। এএছ-১৫-কে-২৬৬৯ নম্বৰৰ গ্লেমাৰ মটৰ চাইকেল আৰু এএছ-০১-বি-১৭১৩ নম্বৰৰ বাছ গাড়ীৰ মাজত হোৱা মুখামুখি সংঘৰ্ষত শ্বাহা আলী নামৰ মটৰ চাইকেল চালক আৰু আব্দুছ চালিম নামৰ আৰোহী গুৰুত্বৰভাৱে আহত হয়। দুর্ঘটনাত মটৰ চাইকেলখনৰ চালক আৰু আৰোহীজন বাছ গাড়ীখনৰ তলত সোমাই যোৱাত স্থানীয় ৰাইজে দুয়োকে বাছ গাড়ীৰ তলৰ পৰা উদ্ধাৰ কৰি অতি সংকতজনক অৱস্থাত ১০৮ এম্বুলেঞ্চত কলগাছিয়াৰ বৰপেটা অসমৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। উল্লেখ্য্, মটৰ চাইকেল আৰোহী দুজন বৰপেটা ৰোডৰ পৰা কলগাছিয়া অভিমুখে আহি থকা অৱস্থাত এই দুৰ্ঘটনা সংঘটিত হয় বুলি জানিব পৰা গৈছে।