নগাঁও, সংবাদ ৩৬৫, ২৪ মাৰ্চ: নগাঁৱৰ অপৰাধীৰ বাবে যেন মূৰৰ কামোৰণি হৈ পৰিছে নগাওঁ জিলাৰ আৰক্ষী অধীক্ষক শংকৰ ব্রত ৰাই মেধি। নগাঁৱত দায়িত্ব ভাৰ গ্ৰহণ কৰাৰ পাছৰ পৰাই চহৰখনৰ পৰা প্রায় অপৰাধ নিৰ্মূল কৰিছে আৰু বহু অপৰাধীক জেললৈ প্ৰেৰণ কৰিবলৈ সক্ষম হৈছে।

নিৰ্বাচনৰ পূৰ্বেও যেন ইয়াৰ ব্যতিক্ৰম নহল। আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে নগাঁও জিলাৰ আৰক্ষী,অৱকাৰী বিভাগ,আৰু আৰক্ষী অধীক্ষকৰ দ্বাৰা গঠন কৰা ফ্লায়িং স্কুৱাৰডৰ বিশেষ সাফল্য। এক গোপন সূত্ৰৰ পম খেদি দেওবাৰে নগাঁৱৰ শিয়ালমাৰীৰ পৰা আনুৱাৰ হুছেইন নামৰ যুৱক এজনে কামপুৰ কঁচুৱালৈ এ এছ-০২-বি চি-৭০৯৫ নম্বৰৰ এখন টাটা মেজিক গাড়ীত ৪২ কাৰ্টুন বিলাতী সুৰা লৈ যোৱা অৱস্থাত হাতে লুটে ধৰা পেলায় আৰু সুৰাসহ গাড়ীখন জব্দ কৰিবলৈ সক্ষম হয়। নিৰ্বাচনৰ কাৰণে এই বৃহৎ পৰিমাণৰ সুৰা নিয়া বুলি সন্দেহ প্ৰকাশ কৰা হৈছে।