বাইহাটা চাৰিঅালি, সংবাদ ৩৬৫,২৪ মাৰ্চ ঃ সম্প্ৰীতি অপৰাধীৰ ৰম্যভূমিত যেন পৰিনত হৈছে কামৰূপ জিলাৰ বাইহাটা চাৰিআলি। চুৰি ডকাইতৰ লগতে ড্ৰাগছ অথবা নিচাজাতীয় সামগ্ৰীৰ ৰমৰমীয়া কলা বেহা চলাই আহিছে একাংশ দুষ্কৃতিকাৰীয়ে।

ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান বাইহাটা চাৰিআলি আৰক্ষীৰ। দেওবাৰে বাইহাটা চাৰিঅালি অাৰক্ষীয়ে দুজন ড্ৰাগছ ব্যৱসায়ীক আটক কৰাৰ লগতে জব্দ কৰে এখন মাৰুটি এল্ট’ আৰু গ্লেমাৰ বাইক । দৈনিক লক্ষ লক্ষ টকাৰ ড্ৰাগছৰ ব্যৱসায় বাইহাটা চাৰিআলিত।

অভিযান কালত জব্দ প্ৰায় ৬ গ্ৰাম পৰিমানৰ ব্ৰাউন চুগাৰ । দুজন ড্ৰাগছ ব্যৱসায়ীক আটক কৰাৰ লগতে জব্দ কৰে এখন মাৰুটি এল্ট’ আৰু গ্লেমাৰ বাইক । আটকাধীন ব্যক্তি দুজন ক্ৰমে হীৰক জ্যোতি ডেকা আৰু মীৰাজুল হুছেইন । ইতিমধ্যে অাৰক্ষীয়ে দুয়োগৰাকীৰ বিৰুদ্ধে ১০৮/১৯ নম্বৰত গোচৰ ৰুজু কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে ।