গুৱাহাটী, সংবাদ ৩৬৫, ১২ মে’ : সমাজ গঠনত মাতৃ সকলৰ ভূমিকাক পুনৰ সোঁৱৰণ কৰিবলৈ আৰু মাতৃ সকলৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিবলৈ পালন কৰা হয় মাতৃ দিৱস। পোন প্ৰথম বাৰৰ বাবে ১৯০৮ চনত আমেৰিকা যুক্তৰাষ্ট্ৰত পালন কৰা হৈছিল মাতৃ দিৱস। সেই সময়ৰে পৰা বৰ্তমানলৈকে সমগ্ৰ বিশ্বত পালন কৰি অহা হৈছে মাতৃ দিৱস । বিশ্বৰ বিভিন্ন প্ৰান্তত পালন কৰাৰ দৰে গুৱাহাটী মহানগৰীৰ সিজুৱাৰীস্থিত মাদাৰছ অল্ড এজ হ’মতো পালন কৰা হল মাতৃ দিৱস।

কষ্টেৰে সন্তান জন্ম দি লালন-পালন কৰি শাৰীৰিক, মানসিক, শৈক্ষিক আৰু আধ্যাত্মিক দিশত গঢ়ি তুলি সমাজ তথা দেশৰ দায়িত্বশীল নাগৰিক হৈ উঠাত মাতৃৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। কিন্তু সেই মাতৃকে সন্তানে ডাঙৰ হৈ অৱহেলা, অত্যাচাৰ কৰা দেখা যায়। যাৰ ফলত সেইসকল মাতৃৰ শেষ ভৰসা হৈ পৰে বৃদ্ধাৱাসসমূহ।

এনে এটা বৃদ্ধাৱাস মাদাৰছ অল্ড এজ হ’ম ,যাৰ হাতত গঢ় লৈ উঠিছে এই বৃদ্ধাৱাসৰ কৰ্ণধাৰ উৎপল হৰ্ষবৰ্ধনে কয় যে প্ৰতি বছৰে এনেদৰেই মে’ মাহৰ দ্বিতীয়তো দেওবাৰে পালন কৰি অহা হৈছে মাতৃ দিৱস ।

কৌতুক অভিনেত্ৰী চেতনা দাসৰ উপস্থিতিত কেক কাটি বৃদ্ধাৱাসৰ সকলোৱে উদযাপন কৰে মাতৃ দিৱস। ইফালে বৃদ্ধাবাসত থকা বৃদ্ধাসকল তেওঁলোককো খুবেই সুখী হোৱা দেখা গ’ল এই বিশেষ দিনটোত।