দক্ষিণ শালমাৰা 

১৪ জুন

সমগ্ৰ দেশৰ ভিতৰতে দক্ষিণ শালমাৰা-মানকাচৰ জিলাত ক’ভিড ভেকচিন লোৱা লোকৰ হাৰ নিম্নগামী হোৱাৰ ফলত জিলা প্ৰশাসনে প্ৰতিখন গাঁও পঞ্চায়তৰ গাঁওবুঢ়া, পঞ্চায়ত প্ৰতিনিধি সকলক লৈ ৰাইজক ক’ভিড ভেকচিন ল’বলৈ আহ্বান জনাই বিভিন্ন সময়ত সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। ভেকচিন লোৱা লোক দুবছৰৰ ভিতৰত মৃত্যু মুখত পৰিব আৰু বন্ধাকৰণ হ’ব বুলি দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ গাঁও অঞ্চলত এক উৰা বাতৰি বিয়পি পৰাৰ ফলত ৰাইজে ক’ভিড ভেকচিন ল’বলৈ ভয় কৰিছে। ইয়াৰ ফলস্বৰূপে জিলাখনত নিম্নগামী হৈছে ভেচিকিন লোৱা লোকৰ সংখ্যা।

ভাৰত-বাংলাদেশ সীমান্তৰ এই জিলাখনত প্ৰায় ৫ লক্ষাধিক লোক বসবাস কৰে যদিও অধিকাংশ লোক ক’ভিড ভেকচিন লোৱা নাই। সমগ্ৰ দেশৰ লগতে দক্ষিণ শালমাৰা-মানকাচৰ জিলাত যোৱা ১৬ জানুৱাৰীৰ পৰা ভেকচিন প্ৰদান কাৰ্যসূচী আৰম্ভ হৈছে আৰু জিলাখনত ৰাজ্য চৰকাৰে পৰ্যাপ্ত পৰিমাণে ভেকচিন যোগান ধৰিছে যদিও উৰা বাতৰি বিয়পি পৰাৰ ফলৰ ৰাইজে ভেকচিন লোৱাৰ পৰা আঁতৰি আছে। তথ্য মতে বৰ্তমানলৈকে জিলাখনত প্ৰায় ২৩ হেজাৰ লোকে ভেকচিন গ্ৰহণ কৰিছে ফলত দেশৰ ভিতৰত জিলাখনত ভেকচিন লোৱা লোকৰ হাৰ নিম্নগামী হোৱা পৰিলক্ষিত হৈছে।

ৰাইজৰ মাজত ক’ভিড ভেকচিন সন্দৰ্ভত সজাগতা সৃষ্টি কৰা উদ্দেশ্যে জিলা প্ৰশাসনে বিভিন্ন সজাগতামূলক কাৰ্যসূচী ৰূপায়ন কৰি আছে যদিও জিলাখনৰ ভেকচিন প্ৰদান কেন্দ্ৰ সমূহত পৰিলক্ষিত হোৱা নাই ৰাইজৰ সঁহাৰি। ভেকচিন লোৱাৰ ক্ষেত্ৰত জিলাখনৰ ৰাইজ আগ্ৰহী নোহোৱাৰ বাবে মানকাচৰৰ কুচনীমাৰা-জোৰডাঙ্গা আদৰ্শ গাঁও পঞ্চায়তৰ সভানেত্ৰীয়ে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ। পঞ্চায়তখনৰ সভানেত্ৰী বিউটি হালিমা মণ্ডলে আদৰ্শ গাঁও পাঞ্চায়তখনত বসবাস কৰা যি সকল লোকে ভেকচিন ল’বলৈ ভেকচিন প্ৰদান কেন্দ্ৰলৈ আহিছে তেওঁলোকৰ মাজত ৫ কেজি চাউল আৰু এটা আমূলৰ পেকেট গাখীৰ বিতৰণ কৰিছে।

সভানেত্ৰী গৰাকীয়ে ভেকচিন লোৱা লোকৰ মাজত পাঁচ কেজি চাউল আৰু আমূলৰ পেকেট গাখীৰ বিতৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ পিছতে পঞ্চায়তখনত এতিয়া ৰাইজে ভেকচিন ল’বলৈ আগবাঢ়ি অহা পৰিলক্ষিত হৈছে। গাঁও পঞ্চায়তখনৰ সভানেত্ৰী গৰাকীয়ে এই পদক্ষেপক চিকিৎসক সকলে প্ৰশংসা কৰিছে। উল্লেখ্য যে ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলৰ মানকাচৰৰ কুচনীমাৰা-জোৰডাঙ্গা আদৰ্শ গাঁও পঞ্চায়তখনৰ অধিকাংশ লোক শিক্ষাৰ পোহৰৰ পৰা বঞ্চিত হোৱাৰ ফলত এই সকল লোকে সহজে যিকোনো উৰা বাতিৰত বিশ্বাস কৰে।