দক্ষিণ শালমাৰা

১৩ জুন

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ দক্ষিণ শালমাৰা থানাৰ অন্তৰ্গত ৰাভাটাৰী চৰত দেওবাৰে পুৱাৰ ভাগত আৰক্ষীয়ে অভিযান চলাই ৭ টাকৈ গৰু জব্দ কৰাৰ লগতে এজন গৰু সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। ব্ৰহ্মপুত্ৰ নদীৰে নাওঁযোগে বাংলাদেশলৈ গৰু সৰবৰাহ কৰি থকা সময়ত আৰক্ষীয়ে অভিযান চলাই গৰুখিনি জব্দ কৰি এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। আৰক্ষীৰ অভিযানৰ সময়ত নাওঁখনত থকা গৰু সৰবৰাহকাৰী সকলে নদীৰ মাজত নাওঁখন ফুটা কৰি নদী সাতুৰি পলায়ন কৰে যদিও এজন সৰবৰাহকাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

পুৱা প্ৰায় ৬ বজাত দক্ষিণ শালমাৰা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অতুল ৰয় প্ৰধানীৰ নেতৃত্বত আৰক্ষীৰ এটা দলে ব্ৰহ্মপুত্ৰ নদীত গৰুৰ চোৰাং সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান চলায়। গৰু সৰবৰাহকাৰী চক্ৰ এটাই বাংলাদেশৰ ফালে নাওঁযোগে গৰু লৈ গৈ থকা অৱস্থাত আৰক্ষীয়ে নাওঁখন জব্দ কৰাৰ চেষ্টা কৰে কিন্তু আৰক্ষীক দেখি কেইবাজনো গৰু সৰবৰাহকাৰী নাওঁখন ফুটা কৰি নৈত জাপ মাৰি সাতুৰি পলায়ন কৰে।

আৰক্ষীয়ে কোনোমতে এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে নাওঁখনৰ পৰা মুঠ ৭ টা গৰু জব্দ কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে নাওঁখনত ১০ টা গৰু আছিল যদিও ৩ টা গৰু নদীত ডুব যায়। ধৃত গৰু সৰবৰাহকাৰী জন দক্ষিণ শালমাৰাৰ মোগাৰচৰৰ আব্দুল গনিৰ পুত্ৰ আশ্ৰফ আলী বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে। ইতিমধ্যে গৰু সৰবৰাহকাৰী জনক ধুবুৰী আদালতত প্ৰেৰণ কৰাৰ পিছত আদালতে গৰু সৰবৰাহকাৰী জনক জেললৈ প্ৰেৰণ কৰে বুলি জানিব পৰা গৈছে।

ইফালে মানকাচৰ থানাৰ অন্তৰ্গত ভাৰত-বাংলাদেশ সীমান্তৰ গুদলিগাঁও বিএছএফ কেম্পৰ পৰা সীমান্ত সুৰক্ষা বাহিনীয়ে ২ টাকৈ গৰু জব্দ কৰি মানকাচৰ আৰক্ষীক গতাই দিয়ে। জানিব পৰা মতে গৰু দুটা পুৱতি নিশা এজন গৰু সৰবৰাহকাৰীয়ে কাইটীয়া তাঁৰৰ বেৰৰ ওপৰেদি বাংলাদেশলৈ সৰবৰাহ কৰিবলৈ ধৰিছিল কিন্তু বিএছএফে এই ঘটনা প্ৰত্যক্ষ কৰাত গৰু ২ টা এৰি সৰবৰাহকাৰী জন পলায়ন কৰে।