হোজাই, ২২ এপ্ৰিলঃ হোজাই জিলাৰ নখুটি চাৰ্কেবস্তি অঞ্চলৰ বাট-পথৰ দুৰৱস্থাই স্থানীয় বাসিন্দাক অতিষ্ঠ কৰি তুলিছে৷  নখুটি চাৰ্কেবস্তি অতিকৈ পিছপৰা অঞ্চল৷ চাৰ্কেবস্তি আঞ্চলিক পঞ্চায়তৰ সদস্যৰ দ্বাৰা ২০১৪-১৫ বৰ্ষত ১৬০০ মিটাৰ পথ নিৰ্মানৰ বাবদ ৭০লাখ টকাৰ আঁচনি ধাৰ্য কৰা হৈছিল৷ কিন্তু আঞ্চলিক পঞ্চায়ত সদস্যজনৰ মৃত্যুৰ পিছত আঁচনিৰ কাম কৰোৱাৰ দ্বায়িত্ব লয় লামডিং উন্নয়ন খণ্ডৰ অভিযন্তাই৷ কিন্তু ১৬০০ মিটাৰ পথৰ মাত্ৰ ৯০০ মিটাৰ পথ নিৰ্মানৰ কাম সম্পূৰ্ণ কৰাৰ পিছত লামডিং উন্নয়ন খণ্ডৰ অভিযন্তাজনে পথ নিৰ্মানৰ কামত গাফিলতি কৰিব ধৰে৷ যাৰ কাৰণে ৭০০ মিটাৰ পথ নিৰ্মানৰ কাম বৰ্তমানলৈ সম্পূৰ্ণ নহ’ল৷ অভিযন্তা জনৰ গাফিলতিৰ বিৰুদ্ধে সোঁচ্চৰ হৈ পৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ চাৰ্কেবস্তি আঞ্চলিক সমিতি৷ কৃষক মুক্তিৰ চাৰ্কেবস্তিৰ আঞ্চলিক সমিতিৰ সম্পাদক ছাইদুৰ ৰহমানে অভিযোগ কৰা মতে উক্ত পথ নিৰ্মান কাম সম্পূৰ্ণ কৰাৰ কাৰণে সমিতিয়ে বহু বাৰ দাবী জনাইছিল যদিও কোনো সুদুত্তৰ পোৱা নহ’ল৷ সমিতিয়ে অভিযন্তা-বিষয়াক নখুটি চাৰ্কেবস্তিৰ পথ নিৰ্মাণৰ কাম সোনকালে সৰ্ম্পূণ নকৰিলে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে৷