গুৱাহাটী, ২২ এপ্ৰিলঃ বৰ্ষাবিঘ্নিত বতৰত মহানগৰবাসী ওলাল ৰাজপথত প্ৰতিবাদ কৰিবলৈ৷ চৰকাৰৰ পৰিবৰ্তন হ’ল কিন্তু পৰিবৰ্তন নহ’ল মহানগৰীৰ৷ পৰিবৰ্ত্তন হ’ল বিধায়কৰ কিন্তু পৰিবৰ্ত্তন নহ’ল মহানগৰীৰ৷ নাৰেংগীৰ বিদ্ধস্ত ঘাইপথ মেৰামতি আৰু নলা-নৰ্দমা পৰিস্কাৰৰ দাবীত সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, নাৰেংগী উন্নয়ন সমিতি, নাগৰিক সমিতিয়ে স্থানীয় ৰাইজৰ সহযোগত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে নাৰেংগী-চন্দ্ৰপুৰ সংযোগী পথত৷ প্ৰতিবাদকাৰীসকলে স্থানীয় বিধায়ক অতুল বৰা মুৰ্দাবাদ, জিএম চি মুৰ্দাবাদ আদি চৰকাৰ বিৰোধী শ্ল’গানেৰে চৌদিশ উত্তাল কৰি নাৰেংগী-চন্দ্ৰপুৰ সংযোগী ৩ নং ৰাজ্যিক ঘাইপথটো অৱৰোধ কৰে৷ সদ্য-ব্যস্তময় পথটো এনেদৰে দুই ঘন্টা ধৰি অৱৰোধ কৰাত অঞ্চলটোত তীব্ৰ যান-জঁটৰ সৃষ্টি হয়৷ দীৰ্ঘদিন ধৰি বিদ্ধস্ত হৈ থকা চন্দ্ৰপুৰ-নাৰেংগী সংযোগী ৰাজ্যিক ঘাইপথৰ এনে দুৰৱস্থাৰ ফলত বহু কেইটা দুৰ্ঘটনা সংঘটিত হৈছে৷ চৰকাৰক বাৰম্বাৰ এই পথটোৰ মেৰামতিৰ কাৰণে অৱগত কৰাৰ পিছতো চৰকাৰে কোনো গুৰুত্ব নিদিয়াত ৰাইজ ক্ষোভিত হৈ পৰে৷ ফলত উন্নয়নৰ সপোন দেখুৱাই গাদী দখল কৰা চৰকাৰখনৰ চকুত এই ঘাইপথটোৰ  দুৰৱস্থা দেখুৱাবলৈ ৰাইজ নামিব লগা হয় ৰাজপথত৷