কামপুৰ, ২৩ মেঃ বিদ্যালয়ত পাঠ্যপুথি নাটনিৰ খবৰ নতুন নহয়। কিন্তু বিদ্যালয়ত ছাত্ৰী-ছাত্ৰীক বিতৰণ কৰিবলৈ অনা পাঠ্যপুথিৰে মধ্যাহ্ন ভোজন বনোৱা এক আজব কাহিনী। বিদ্যালয়ত সময়মতে পাঠ্যপুঠি যোগান ধৰিব নোৱাৰাৰ সময়তে শিক্ষা বিভাগত ঘটিছে এনে এক নাভুত নাশ্ৰুত ঘটনা। ঘটনাটো সংঘটিত হৈছে নগাঁও জিলাৰ কঠিয়াতলী শিক্ষাখণ্ডৰ ৪৯৯নং বিৰিঙা আটি প্ৰাথমিক বিদ্যালয়ত। বিদ্যালয়ৰ ৰান্ধনীয়ে পাঠ্যপুথি জ্বলাই ৰান্ধিছে ছাত্ৰ-ছাত্ৰীৰ বাবে মধ্যাহ্ন ভোজন। ইফালে নগাঁও জিলাৰ কঠিয়াতলী শিক্ষাখণ্ডৰ ৪৯৯ নং বিৰিঙা আটি প্ৰাথমিক বিদ্যালত দীৰ্ঘদিন ধৰি প্ৰধান শিক্ষক হেদায়তুল ইছলাম অনুপস্থিত থকাৰ অভিযোগ কৰিছে ছাত্ৰ-ছাত্ৰীয়ে। প্ৰধান শিক্ষকজনৰ সুমতি কামনা কৰি সৰস্বতী ফটোৰ আগত প্ৰাৰ্থনা কৰিছে ছাত্ৰ-ছাত্ৰীয়ে। ইফালে পৰিচলনা সমিতিয়ে প্ৰধান শিক্ষকজনৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ল’বলৈ শিক্ষা বিভাগক দাবী জনাইছে। এতিয়া প্ৰশ্ন হয় বিদ্যালয়খনত সংঘটিত হৈ থকা এই অনিয়মবোৰৰ বিৰুদ্ধে কিবা ব্যৱস্থা ল’বনে শিক্ষা বিভাগে।