গুৱাহাটী, ২৩ মেঃ অসম কঁপোৱা ডিমা হাচাওৰ হাজাৰ কোটিৰ কেলেংকাৰীত জড়িত ১৬ জন দোষীক সুদীৰ্ঘ ৮ বছৰৰ মূৰত নিয়াৰ আদালতে শাস্তিৰ ৰায় প্ৰদান কৰে৷ ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা, চমুকৈ এন আই এৰ বিশেষ আদালতে কালিৰ ৰায়দানত দোষী সাব্যস্ত কৰা এই ১৬ জন লোক হৈছে সেই সময়ৰ ডি এইচ ডি (জে)ৰ কমাণ্ডাৰ ইন চীফ নিৰঞ্জন হােজাই, অধ্যক্ষ জুৱেল গার্লোছা, সেই সময়ৰ উত্তৰ কাছাৰ (বর্তমান ডিমা হাচাও) স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য মোহিত হােজাই, পৰিষদৰ সদস্য গলন ডাউলগুপু, চৰকাৰী বিষয়া আৰ এইচ খান, কৰুণা শইকীয়া (মুখ্য অভিযন্তা), জীৱাংশু পাল, ঠিকাদাৰ দেৱাশিস ভট্টাচার্য, বাবুল কোম্প্রাই, সন্দীপ ঘোষ, ফজেন্দ্ৰ হােজাই, জয়ন্ত ঘোষ, হাৱালাৰ জৰিয়তে ধনৰ লেনদেন কৰা মালচোৱামকিমি, অস্ত্ৰ ব্যৱসায়ী ভানলালচানা, ডি এইচ ডিৰ সদস্য পার্থ ৱাৰিছা ওৰফে আছৰিংড ৱাৰিছাক আদালতে বহু চর্চিত এই গোচৰত দোষী সাব্যস্ত কৰি শাস্তিৰ ৰায় দিয়ে।
মন কৰিবলগীয়া যে ভাৰতীয় দণ্ডবিধিৰ ১২০ (বি), বেআইনী কার্যকলাপ প্রতিৰোধ আইনৰ ১৬, ২০ ধাৰা আৰু অস্ত্র আইনৰ ২৫ (১) (ডি) আদি গুৰুতৰ ধাৰাৰ অধীনত এই পোন্ধৰজনক দোষী সাব্যস্ত কৰি আদি ন্যায়াধীশ ৰবীন ফুকনৰ আদালতে শাস্তি ঘোষণা কৰে। উল্লেখ্য যে ডিমা হাচাও স্বায়ত্ত শাসিত পৰিষদলৈ আবণ্টিত উন্নয়নৰ ধন উগ্রপন্থীৰ হাতলৈ যোৱা সন্দৰ্ভত পোন প্ৰথমে এন আই এই ৰুজু কৰিছিল আৰ চি ০১/২০০৯ আৰু আৰ চি ০২/২০০৯ নম্বৰৰ দুটাকৈ গোচৰ। এন আই এ গঠন হােৱাৰ পিচতে তদন্তৰ বাবে গ্রহণ কৰা এই দুটা গোচৰেই আছিল দেশৰ ভিতৰত প্রথম। অৱশেষত বহু চর্চিত এই গোচৰ দুটাৰ তদন্ত কৰি এন আই এই ২০০৯ চনৰ ১৭ নৱেম্বৰত আদালতত এই গোচৰৰ অভিযোগ নামা দাখিল কৰে। ইয়াৰ পিচতে গোচৰ সংক্রান্তত শতাধিক সাক্ষী-বাদীৰ ভাষ্য গ্রহণ কৰি আদালতে ৰায়দানযোগে ১৫ জনক শাস্তি ঘোষণা কৰে৷

 কাৰ কিমান শাস্তি :—

  • আৰ এইচ খান : দুটা গোচৰত দোষী সাব্যস্ত কৰি ৮ আৰু ১২ বছৰৰ কাৰাদণ্ড
  • জুৱেল গাৰ্লোচা : যাৱজ্জীৱন কাৰাদণ্ড৷
  • নিৰঞ্জন হোজাই : যাৱজ্জীৱন কাৰাদণ্ড৷
  • মোহিত হোজাই : যাৱজ্জীৱন কাৰাদ্ণ্ড
  • ফজেন্দ্ৰ হোজাই : দুটা গোচৰত দোষী সাব্যস্ত কৰি ৩৫ হাজাৰ টকাৰ জৰিমনাসহ ১০ আৰু ১২ বছৰৰ সশ্ৰম কাৰাদণ্ড৷
  • বাবুল কেম্প্ৰাই : দুটা গোচৰত দোষী সাব্যস্ত কৰি ৮ আৰু ৮ বছৰৰ সশ্ৰম কাৰাদণ্ড৷
  • জীবাংশু পালক : ১০ বছৰৰ কাৰাদণ্ড৷
  • পাৰ্থ ৱাৰিছা : অতিৰিক্ত ২৫ হাজাৰ টকাৰ জৰিমনাসহ ১০ বছৰৰ কাৰাদণ্ড৷
  • আশ্ৰিংদাও ৱাৰিছা : ১২ বছৰৰ সশ্ৰম কাৰাদণ্ড৷
  • ভানলাল ছানা : ১০ বছৰৰ সশ্ৰম কাৰাদণ্ড৷
  • মালস্বাম কিমি : দুটা গোচৰত দোষী সাব্যস্ত কৰি ৮ আৰু ৮ বছৰৰ সশ্ৰম কাৰাদণ্ড৷
  • জয়ন্ত কুমাৰ ঘোষ : দুটা গোচৰত দোষী সাব্যস্ত কৰি ১০ আৰু ১০ বছৰৰ সশ্ৰম কাৰাদণ্ড৷
  • দেৱাশিস ভট্টাচাৰ্য : দুটা গোচৰত দোষী সাব্যস্ত কৰি ১০ আৰু ১০ বছৰৰ সশ্ৰম কাৰাদণ্ড৷
  • সন্দীপ ঘোষ : দুটা গোচৰত দোষী সাব্যস্ত কৰি ৮ আৰু ৮ বছৰৰ সশ্ৰম কাৰাদণ্ড৷
  • লন দাওলাগাপু : ৮ বছৰৰ সশ্ৰম কাৰাদণ্ড৷
  • কৰুণা শইকীয়া : ৮ আৰু ৮ বছৰৰ কাৰাদণ্ড৷
    লগতে আটাইকে ২৫ হাজাৰ টকাৰ জৰিমনা