নলবাৰী,১১ এপ্ৰিল : কেন্দ্ৰীয় মন্ত্ৰী পীযুষ গোৱেলে যোৱাকালি লোকসভাত নামনি সোৱণশিৰি বিদ্যুৎ প্ৰকল্প নিৰ্মাণত ক্ষীপ্ৰতাৰ পোষকতা কৰি দিয়া ভাষণৰ তীব্ৰ বিৰোধীতা কৰি আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিয়ে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে৷ সমিতিয়ে নলবাৰী চহৰৰ হাটখোলা বজাৰত মন্ত্ৰীগৰাকীৰ প্ৰতিমূৰ্ত্তি দাহ কৰি বিজেপি শাসিত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে। কেন্দ্রীয় শক্তিমন্ত্রী হায় হায়, নৰেন্দ্র মোদী হুচিয়াৰ, জলবোমাৰ প্ৰকোপৰ পৰা অসমক বচাওঁক, নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ নিৰ্মাণ বন্ধ কৰক, সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ আদি প্ৰতিবাদী ধ্বনিৰে প্ৰতিবাদকাৰীসকলে পৰিৱেশ উত্তাল কৰি তোলে৷ বিয়লি ৫ বজাত যুৱ ছাত্ৰ পৰিষদৰ প্ৰায় শতাধিক কৰ্মকৰ্তাৰ উপস্থিতিত কেন্দ্ৰীয় শক্তি মন্ত্ৰীগৰাকীৰ প্ৰতিকৃতি দাহ কৰা হয়৷  অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিৰ সভাপতি মৃণাল কুমাৰ বৰ্মন আৰু সম্পাদক গৌতম কুমাৰ শৰ্মাই অতিশীঘ্ৰে কেন্দ্ৰীয় চৰকাৰৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ জাতিধ্বংসী সিদ্ধান্তৰ বিৰুদ্ধে সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰখনক স্থিতি স্পষ্ট কৰাৰ দাবী জনায়৷ লগতে ৰাজ্য চৰকাৰক অসম আৰু অসমীয়াৰ হকে ব্যৱস্থা গ্ৰহণ নকৰিলে ইয়াৰ বিৰুদ্ধে তীব্ৰ গণতান্ত্ৰিক কাৰ্যসূচী হাতত লোৱাৰ হুংকাৰ দিয়ে৷